ETV Bharat / state

লক্​ ডাউনৰ মাজতে শিৱসাগৰত বন কৰা কিশোৰীক নিৰ্যাতন !

author img

By

Published : May 13, 2020, 11:43 AM IST

জয়সাগৰৰ অন্তৰ্গত মানকটা আলিৰ টংকেশ্বৰ গগৈ নামৰ মীন বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীজনৰ ভাৰাঘৰত থকা এজন 16 বছৰীয়া কিশোৰে ছোৱালীজনীক যৌন নিৰ্যতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

Girl child physically abused in Sivsagar during lock down
লক্​ ডাউনৰ মাজতে শিৱসাগৰত বন কৰা কিশোৰীক নিৰ্যাতন

শিৱসাগৰ, 13 মে' : মঙলবাৰে লক্​ ডাউনৰ মাজতে শিৱসাগৰত সংঘটিত হয় এক জঘন্য ঘটনা ৷ এজনী আঠ বছৰীয়া ছোৱালীক ধৰ্ষণৰ চেষ্টা চলাই এজন কিশোৰে ৷ তথ্যানুসাৰি, জয়সাগৰৰ অন্তৰ্গত মানকটা আলিৰ টংকেশ্বৰ গগৈ নামৰ মীন বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীজনৰ ভাৰাঘৰত থকা এজন 16 বছৰীয়া কিশোৰে ছোৱালীজনীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

জানিব পৰা মতে, টংকেশ্বৰ গগৈ নামৰ লোকজনে আইন উলংঘা কৰি দুবছৰে কণমানি ছোৱালীজনীক বনকৰা হিচাপে নিজৰ ঘৰত ৰাখিছিল ৷ সেয়ে এই ঘটনা সংঘটিত হোৱাৰ পাছতে টংকেশ্বৰ গগৈ আৰু পৰিয়ালে ঘটনাটোক গাপ দিয়াৰ চেষ্টা কৰে ৷ ঘটনাটো সংঘটিত হোৱাৰ পাছত ছোৱালীজনীয়ে ভয়ত ঘৰৰ পৰা পলাই আহে ৷ বাটত কান্দি থকা ছোৱালীজনীক এজন যুৱকে উদ্ধাৰ কৰি শিৱসাগৰ সদৰ থানাত চমজাই দিয়াতহে সকলো ঘটনা পোহৰলৈ আহে ৷

ইতিমধ্যে ছোৱালীজনীৰ মন্তব্যৰ ভিত্তিত কিশোৰজনক আটক কৰাৰ লগতে সোধপোছৰ বাবে টংকেশ্বৰ গগৈকো থানালৈ অনা হৈছে ৷ কিন্তু আইন উলংঘা কৰি এগৰাকী ৮ বছৰীয়া শিশুক বনকৰা ছোৱালী হিচাপে ৰখা টংকেশ্বৰ গগৈক মোকলাই নিবলৈ এটা পক্ষ তৎপৰ হৈ উঠাৰ অভিযোগ উত্থাপিত হৈছে ৷ লগতে পঢ়ক : চাকৰি হেৰুৱালে দেশৰ ২.৭ কোটি যুৱপ্ৰজন্মই !

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.