ETV Bharat / state

ডিমুৱাল তৈলক্ষেত্ৰত উচ্চ চাপযুক্ত গেছ পৰিবাহী পাইপ ফাটি গেছ নিৰ্গমণ

author img

By

Published : Aug 20, 2020, 3:13 PM IST

শিৱসাগৰৰ জিলাৰ ONGC ডিমুৱাল তৈলক্ষেত্ৰৰ ১ নং GGS ত পুৱতিনিশা ভয়ংকৰ ঘটনা । উচ্চ চাপযুক্ত গেছ পৰিবাহী পাইপ ফাটি নিৰ্গত বিষাক্ত গেছ ৷

গেছ পৰিবাহী পাইপ ফাটি গেছ নিৰ্গমণ
গেছ পৰিবাহী পাইপ ফাটি গেছ নিৰ্গমণ

নাজিৰা, 20 আগষ্ট: বৃহস্পতিবাৰে শিৱসাগৰ জিলাৰ ডিমুৱাল তৈলক্ষেত্ৰৰ হাঁহচৰা লাটুম গাঁৱত অৱস্থিত ONGC ৰ 1 নং পকী দেৱাল খহি উচ্চ চাপযুক্ত গেছ পৰিবাহী পাইপ ফাটি পাইপেৰে অহৰহ নিৰ্গত হৈছে গেছ ৷ ঘটনাক কেন্দ্ৰ কৰি সম্প্ৰতি শংকিত হৈ পৰিছে স্থানীয় লোক ৷ এনে ঘটনা সংঘটিত হোৱাৰ বাবে স্থানীয় ৰাইজে সম্পূৰ্ণ জগৰীয়া কৰিছে ONGC কৰ্তৃপক্ষক ৷ পাইপবোৰৰ ম্যাদ প্ৰায় উকলি গৈছে বুলিও উল্লেখ কৰে স্থানীয় লোকে ৷

ডিমুৱাল তৈলক্ষেত্ৰত উচ্চ চাপযুক্ত গেছ পৰিবাহী পাইপ ফাটি গেছ নিৰ্গমণ

প্ৰায় ১ ঘণ্টা সময় ধৰি নিৰ্গত হৈ থাকে বিষাক্ত গেছ ৷ অৱশেষত ONGC ৰ অগ্নিনিৰ্বাপক বাহিনীৰ লোকে বিষাক্ত গেছৰ নিৰ্গমন নিয়ন্ত্ৰণ কৰে ৷ পূৰ্বতেও এনে দুৰ্ঘটনা সংঘটিত হৈছিল বুলি উল্লেখ কৰে স্থানীয় লোকে ৷ সেই দুৰ্ঘটনাৰ পাচত স্থানীয় লোকে ONGC কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন কৰিও কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাই আহিছিল যদিও, তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি উল্লেখ কৰে স্থানীয় লোকে ৷ তাৰ পৰৱৰ্তে সেই অঞ্চলৰ লোকৰ স্বাস্থ্য, খেতি, পৰিৱেশ আদিৰ প্ৰতিহে ONGC কৰ্তৃপক্ষই ভাবুকি কঢ়িয়াই আনিছে বুলি অভিযোগ উত্থাপন কৰে ৷

লগতে পঢ়ক: ব্যক্তিগত খণ্ডক অৰ্পণ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.