ETV Bharat / state

শিৱসাগৰত অৰুণোদয় স্মাৰকৰ আধাৰশিলা স্থাপন - Foundation Stone of Arunodaya Memorial

সংগ্ৰামী সেনা অসমৰ উদ্যোগত ঐতিহাসিক বৰপুখুৰীৰ পাৰত থকা ৰেভাৰেণ্ড ড৹ মাইলচ ব্ৰনচনৰ প্ৰতিমূৰ্তি থলীত দেওবাৰে শিলান্যাস কৰা হয় অসমৰ প্ৰথম খন সংবাদ পত্ৰ অৰুণোদয়ৰ স্মাৰকৰ ৷ এই শিলান্যাস কৰে অসম চৰকাৰৰ দুৰ্যোগ প্ৰশমন, ৰাজহ মন্ত্ৰী যোগেন মহনে ৷

foundation-stone-of-arunodaya-memorial-in-sivasagar
শিৱসাগৰত অৰুণোদয় স্মাৰকৰ আধাৰশিলা স্থাপন
author img

By

Published : Jul 4, 2021, 11:02 PM IST

শিৱসাগৰ, 4 জুলাই : সংগ্ৰামী সেনা অসমৰ প্ৰশংসনীয় পদক্ষেপ ৷ ভাষা আন্দোলনৰ শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ মৃত্যুৰ দিনটোতে দেওবাৰে ভাষা-সংস্কৃতিৰ পীঠস্থানস্বৰূপ শিৱসাগৰত উন্মোচিত হ'ল নব্য পৃষ্ঠা ৷ বৌদ্ধিক জাতীয়তাবাদৰ যুগান্তকাৰী দায়বদ্ধতাৰ পৰিচয় দি সংগ্ৰামী সেনা অসমৰ উদ্যোগত ঐতিহাসিক বৰপুখুৰীৰ পাৰত থকা ৰেভাৰেণ্ড ড৹ মাইলচ ব্ৰনচনৰ প্ৰতিমূৰ্তি থলীত দেওবাৰে শিলান্যাস কৰা হয় অসমৰ প্ৰথম খন সংবাদ পত্ৰ অৰুণোদয়ৰ স্মাৰকৰ ৷ এই শিলান্যাস কৰে অসম চৰকাৰৰ দুৰ্যোগ প্ৰশমন, ৰাজহ মন্ত্ৰী যোগেন মহনে ৷

এই উপলক্ষে ক'ভিড প্ৰট’কল মানি অনুষ্ঠিত হোৱা এখন সভাত সভাপতিত্ব কৰে সংগঠনটোৰ মুখ্য উপদেষ্টা হেমন্ত চাংমায়ে ৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি মন্ত্ৰী মহনে সংগ্ৰামী সেনা অসমৰ এই প্ৰচেষ্টাক উচ্চ প্ৰশংসা কৰে ৷ তেওঁ কয় যে,সংগ্ৰামী সেনা অসমে জাতীয় দায়িত্ববোধৰ পৰিচয় দিছে ৷ অসমীয়া ভাষাৰ সংকটৰ সময়ত ড৹ মাইলচ ব্ৰনচন,অলিভাৰ কট্টাৰ, নাথান ব্ৰাউনৰ দৰে মহান মণিষী সকলে অৰুণোদয় কাকত প্ৰকাশ কৰি অসমীয়া ভাষাটোক সংকটৰ গৰাহৰ পৰা উদ্ধাৰ কৰিবৰ বাবে আত্মিক প্ৰচেষ্টা কৰিছিল ৷

শিৱসাগৰত অৰুণোদয় স্মাৰকৰ আধাৰশিলা স্থাপন

লগতে এই সকল অসম-দৰদী ব্যক্তিৰ অৱদানক নৱ প্ৰজন্মৰ সমুখত চিনাকি কৰি দিয়াটো অতীকে প্ৰয়োজন বুলি মন্তব্য কৰে মন্ত্ৰী যোগেন মহনে৷ আনহাতে শিৱসাগৰৰ জিলা উপায়ুক্ত বিষ্ণু কমল বৰায়ো সংগ্ৰামী সেনাৰ এই পদক্ষেপৰ শলাগ লয় ৷ তেওঁ অসমীয়া ভাষাৰ উত্তৰণ আৰু প্ৰসাৰৰ বাবে খ্ৰীষ্টান মিচনেৰী সকলে দেখুওৱা দায়িত্ববোধক প্ৰশংসা কৰে ৷

উল্লেখ্য যে, সংগঠনটোৰ সম্পাদক পংকজ খাউণ্ডে উদ্দেশ্য ব্যাখ্যা কৰা সভাত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উপ-সভাপতি বসন্ত গগৈ, বিশিষ্ট ক্ৰীড়া সংগঠক বাবুল খান ,শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ সভাপতি ভৈৰৱ মুণ্ডা, সম্পাদক জয়জ্যোতি গগৈকে আদি কৰি বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ৷ মন্ত্ৰী যোগেন মহনে এই অনুষ্ঠানতে উক্ত শিলান্যাসৰ বাবে ব্যক্তিগতভাৱে 50 হাজাৰ টকাৰ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰাৰ লগতে সকলো প্ৰকাৰৰ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

লগতে পঢ়কঃ হাতী-মানুহৰ সংঘাত নিয়ন্ত্ৰণ কৰিবলৈ নৱপ্ৰজন্মৰ অনন্য পদক্ষেপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.