ETV Bharat / state

ASP Subhalakshmi Dutta case : শুভলক্ষ্মী দত্তৰ আত্মসমৰ্পন; তিনি দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ আদালতৰ - আৰক্ষী জিম্মা

নিলম্বিত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তই শনিবাৰে পুৱা শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আত্মসমৰ্পন কৰে ৷ তিনিদিনৰ বাবে শুভলক্ষ্মী দত্তক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ আদালতৰ ৷

Former ASP Subhalakshmi Dutta
শুভলক্ষ্মী দত্তৰ আত্মসমৰ্পন
author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 8:25 PM IST

তিনি দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ শুভলক্ষ্মী দত্তক

নাজিৰা, 9 ছেপ্টেম্বৰ : অসম আৰক্ষীৰ শীৰ্ষ মহল কঠোৰ হৈ পৰাৰ পাছতে বহু চৰ্চিত চৰাইদেউ জিলাৰ নিলম্বিত অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তই শনিবাৰে পুৱা শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আত্মসমৰ্পন কৰে ৷ পাঁচ দিন পূৰ্বে গুৱাহাটীস্থিত শিৱসাগৰৰ এগৰাকী প্ৰাক্তন বিধায়কৰ ফ্লেটত আশ্ৰয় লৈ থকা অৱস্থাত শিৱসাগৰ আৰক্ষীৰ বেহু ফালি এইগৰাকী আৰক্ষী বিষয়াই পলায়ন কৰাৰ পিছতেই অধিক কঠোৰ হৈ পৰিছিল অসম আৰক্ষী ৷ 15 ঘন্টাৰ পূৰ্বে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমিত সিঙে শুভলক্ষ্মী দত্তই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ নকৰিলে পলাতক ঘোষণা কৰি কঠোৰ সময় সীমা বান্ধি দিয়াৰ পিছতেই এই গৰাকী আৰক্ষী বিষয়াই শনিবাৰে পুৱা আত্মসমৰ্পণ কৰে শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ৷

এক অজ্ঞাত স্থানৰ পৰা এখন টিয়াগো গাড়ীৰে এগৰাকী ভগ্নীৰ সৈতে পুৱা প্ৰায় 9.30 মান বজাত শুভলক্ষ্মী দত্তই মুখ বান্ধি প্ৰৱেশ কৰিছিল ৷ গেটৰ সন্মুখতেই ভগ্নীৰ সৈতে নামি দৌৰি অধীক্ষকৰ কাৰ্যালয়ত প্ৰৱেশ কৰাৰ পিছতেই আঁতৰি গৈছিল শুভলক্ষ্মীক অজ্ঞাত স্থানৰ পৰা কঢ়িয়াই অনা বাহনখন ৷ প্ৰথম অৱস্থাত শুভলক্ষ্মী দত্তই শিৱসাগৰত আত্মসমৰ্পণ কৰাৰ কথা কোনেও ভূকে পোৱা নাছিল যদিও প্ৰায় আধা ঘন্টাৰ পিছতেই ৰাষ্ট্ৰ হৈ পৰে এই খবৰ ৷ আনহাতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙেও টুইট যোগে নাজিৰা চেপ্টাৰ ক্লজ বুলি ঘোষণা কৰাৰ পিছতেই আত্মসমৰ্পণ কৰা শুভলক্ষ্মীক লৈ তৎপৰতা আৰম্ভ হয় আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ৷ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাৰ লগতে আটাইকেইগৰাকী শীৰ্ষ বিষয়াৰ উপস্থিতিত প্ৰায় তিনিঘন্টা ধৰি চলোৱা জেৰাৰ অন্তত উপস্থিত হোৱা নাজিৰা আৰক্ষীৰ এটা দলে কটকটীয়া নিৰাপত্তাৰ মাজেৰে নাজিৰালৈ ৰাওনা হয় ৷

উল্লেখ্য যে, বিগত 25 আগষ্ট তাৰিখে ভুক্তভোগী বনকৰা মহিলাগৰাকীয়ে শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে নাজিৰা আদৰ্শ আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত 36/ 2023 নম্বৰৰ গোচৰৰ বিপৰীতে 324/342 নম্বৰৰ দুটা লঘু শাস্তিৰ ধাৰা সংযোজন কৰিছিল ৷ কিন্তু আদিবাসী ছাত্ৰ সংগঠন, মজদুৰ সংগঠন, বীৰ লাচিত সেনাৰ লগতে বিভিন্ন দল-সংগঠনে এই বৰ্বৰ ঘটনাৰ বিৰুদ্ধে কঠোৰ ধাৰা বলবৎ কৰাৰ দাবীত অবিৰত প্ৰতিবাদ অব্যাহত ৰাখিছিল ৷ কিন্তু শেহতীয়াকৈ অসম আৰক্ষীয়ে উজনি অসমৰ ডি আই জিৰ ক্ষেত্ৰ ভিত্তিক এক প্ৰতিবেদনৰ ভিত্তিত নতুনকৈ দুটা কঠোৰ ধাৰা সংযোজন কৰিছিল ৷ যাৰ পৰিপ্ৰেক্ষিতত শনিবাৰে নাজিৰা আদৰ্শ আৰক্ষী থানাই ভাৰতীয় দণ্ডবিধি 324/342/307/326 ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰে আৰক্ষী বিষয়া গৰাকীক ৷

প্ৰায় দুঘন্টা ধৰি নাজিৰা আদৰ্শ আৰক্ষী থানাত এই গৰাকী আৰক্ষী বিষয়াক প্ৰাথমিক জেৰা চলোৱাৰ পিছতেই নাজিৰা নগৰস্থিত চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰি পোনে পোনে মহকুমা আদালতত হাজিৰ কৰোৱা হয় ৷ জানিব পৰা মতে তদন্তকাৰী আৰক্ষী বিষয়া গৰাকীয়ে অধিক তথ্য উদ্ধাৰৰ বাবে পাঁচ দিনৰ আৰক্ষীৰ জিম্মাত বিচাৰি আৱেদন জনাইছিল ৷ কিন্তু আদালতে দুয়োপক্ষৰ যুক্তি শুনাৰ অন্তত তিনিদিনৰ বাবে শুভলক্ষ্মী দত্তক আৰক্ষীৰ জিম্মাত পঠিয়াই ৷ ন্যায়ালয়ে স্বাস্থ্য আৰু সুৰক্ষাৰ দিশটোৰ প্ৰতি গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়াৰ পিছতেই আৰক্ষী প্ৰশাসনে এইগৰাকী আৰক্ষী বিষয়াক নাজিৰা থানাৰ লক আপৰ পৰিৱৰ্তে শিৱসাগৰ সদৰ থানাৰ লক আপত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ আনহাতে বনকৰা মহিলাক অকথ্য নিৰ্যাতন চলোৱা মূল অভিযুক্ত শুভলক্ষ্মী দত্তই যাতে কোনো কাৰণতেই আইনৰ সুৰুঙাইদি সাৰি নাযায় তাৰ বাবে আৰক্ষীক সূক্ষ্ম আৰু নিখুঁত অনুসন্ধান চলাবলৈ আহ্বান জনাইছে দল-সংগঠনে ৷

লগতে পঢ়ক : ASP Subhalakshmi Dutta Surrender: আত্মসমৰ্পণকাৰী আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তক কঠোৰ শাস্তি বিহাৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.