ETV Bharat / state

শিৱসাগৰত ব্যতিক্ৰমী ৰূপত ঈদ উদ জোহা উদযাপন এজন ব্যৱসায়ীৰ - শিৱসাগৰত ঈদৰ বাবে 400 পৰিয়ালক খাদ্য বিতৰণ ব্যৱসায়ীৰ

শিৱসাগৰত এক ব্যতিক্ৰমী ৰূপত ঈদ উদ জোহা উদযাপন এজন প্ৰতিষ্ঠিত ব্যৱসায়ীৰ ৷ কুৰবানী ত্যাগ কৰি সেই ধনেৰে চাৰিশটা পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ বাবুজান হাজৰিকাই ৷

শিৱসাগৰত ঈদৰ বাবে 400 পৰিয়ালক খাদ্য বিতৰণ ব্যৱসায়ীৰ

author img

By

Published : Aug 1, 2020, 5:56 PM IST

শিৱসাগৰ, 1 আগষ্টঃ শনিবাৰে পালন কৰা হয় ইছলাম ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ ঈদ ঊদ জোহা ৷ কিন্তু ক'ভিড ১৯ ৰ বাবে দেশত চলি থকা লক ডাউনে ম্লান পেলালে এই উৎসৱক ৷ আজিৰ দিনটোতে আল্লাৰ নামত উচৰ্গা কৰা হয় একোটা কুৰবানী ৷ কিন্তু কুৰবানী পৰিহাৰ কৰি সেই ধনেৰে দুখীয়া লোকক সহায়ৰ বাবে হাত আগবঢ়ালে শিৱসাগৰৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ী বাবুজান হাজৰিকাই ৷

ব্যতিক্ৰমী ৰূপত ঈদ উদ জোহা উদযাপন এজন প্ৰতিষ্ঠিত ব্যৱসায়ীৰ

ঢুলীয়া পাৰ,মৌপৰিয়া গাঁও,হাতীকোষ,দিচাংমুখ ইত্যাদি ঠাইৰ প্ৰায় চাৰিশটা পৰিয়ালৰ মাজত চাউল,দাইল,আলু,পিঁয়াজ,নিমখ,হালধি, মিঠাতেল, চয়াবিন, চাবোন ইত্যাদি বিতৰণ কৰে ৷

পৱিত্ৰ ঈদ ঊদ জোহাৰ দিনা কুৰবানীৰ পৰিৱৰ্তে ব্যতিক্ৰমী ৰূপত ঈদ উদযাপন কৰা ব্যৱসায়ীজনৰ এনে পদক্ষেপ এতিয়া একমুখে শলাগ লৈছে ৰাইজে ৷

লগতে পঢ়কঃ বাঁহীৰ সুৰৰ দৰে সুৰীয়া নহ'ল অশ্বিনী শইকীয়াৰ জীৱন যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.