ETV Bharat / state

বাঢ়নী পানী শুকুৱাৰ পাছতে মূৰে কপালে হাত দিছে কৃষকে

author img

By

Published : Jul 17, 2020, 10:50 AM IST

Updated : Jul 17, 2020, 12:31 PM IST

প্ৰলয়ংকাৰী বানে তচনচ কৰি গ'ল কৃষকৰ শ শ বিঘা ৰোৱনী কৃষিভূমি, বানত অহা পলসে বুৰাই পেলালে কৃষকে কষ্টৰ ঘাম মাটিত পেলাই সেউজীয়া কৰা সপোনবাৰ ৷

Flood demaged huge agricultural crops at Amguri
বাঢ়নী পানী শুকুৱাৰ পাছতে মূৰে কপালে হাত দিছে কৃষকে

আমগুৰি, 17 জুলাই : ৰাজ্যত ক্ৰমাৎ শুকাইছে বান ৷ বানৰ কৱলৰ পৰা মুক্ত হৈছে বহু জিলাৰ বানাক্ৰান্ত অঞ্চল ৷ কিন্তু ইয়াৰ সমান্তৰালকৈ শিৱসাগৰ জিলাৰ আমগুৰিৰ একাংশ কৃষকৰ চকুত যেন দুগুণে বাঢ়িছে দুখৰ চকুলো ৷ কাৰণ প্ৰলয়ংকাৰী বানে তচনচ কৰি গ'ল কৃষকৰ শ শ বিঘা ৰোৱনী কৃষিভূমি, বানত অহা পলসে বুৰাই পেলালে কৃষকে কষ্টৰ ঘাম মাটিত পেলাই সেউজীয়া কৰা সপোনবাৰ ৷

উল্লেখ্য যে, প্ৰতিবছৰৰ দৰে এইবছৰো বানে তচনচ কৰিলে আমগুৰি সমষ্টিৰ দিখৌমুখৰ কৃষকৰ হাজাৰ বিঘা কৃষিভূমি। অঞ্চলটোৰ কৃষক সকলে এমুঠি অন্নৰ যোগাৰ কৰিবলৈ পথাৰত কঠীয়া ৰুইছিল যদিও প্ৰলয়ংকাৰী বানে সকলো তচনচ কৰি গ'ল সকলো ৷ বালিৰ পলসে পুটি পেলালে শ শ বিঘা কৃষিভূমি ৷ উপায়হীন হৈ এতিয়া মূৰে কপালে হাত দিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে আমগুৰি সমষ্টিৰ দিখৌমুখৰ কৃষক ৰাইজে ।

উল্লেখ্য যে, বান শুকোৱাৰ পিচত পথাৰ চাবলৈ আহি দিশহাৰা হৈ পৰিছে দিখৌমুখৰ কৃষক সকল ৷ বানে ধোৱা পথাৰৰ দৃশ্যই চকুলো নিগৰাইছে কৃষকৰ ৷ বালিৰ পলসে পোতা হাজাৰ বিঘা কৃষিভূমি ছন পৰি ৰোৱা ভয়ত এতিয়া ত্ৰস্তমান হৈ পৰিছে দিখৌমুখৰ কৃষক। এতিয়া প্ৰশ্ন হৈছে এইসকল কৃষকৰ প্ৰতি সুদৃষ্টি হ'বনে শাসনাধিষ্ঠিত চৰকাৰৰ কৃষিমন্ত্ৰীৰ। এইসকল কৃষকে লাভ কৰিবনে চৰকাৰী সুবিধা ?

লগতে পঢ়কঃ ৰাজ্যত বানৰ বিভীষিকা, ক্ষতিগ্ৰস্ত 35 লক্ষাধিক

Last Updated : Jul 17, 2020, 12:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.