ETV Bharat / state

আমগুৰিত জলবন্দী তিনিশ পৰিয়াল

জিলা প্ৰশাসনৰ ফালৰ পৰা বান বিধস্ত অঞ্চলসমূহত পৰিদৰ্শন নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ।

author img

By

Published : Jun 28, 2020, 3:01 PM IST

Flood at Amguri Dikhowmukh
আমগুৰিত জলবন্দী তিনিশ পৰিয়াল

আমগুৰি, ২৮ জুন : ক্ৰমাৎ জটিল হৈ পৰিছে ৰাজ্যৰ বান পৰিস্থিতি । আমগুৰি সমষ্টিৰ দিখৌমুখৰ ৰূপহীমুখত জলবন্দী তিনিশটা পৰিয়াল ৷ ব্ৰহ্মপুত্ৰ জলস্তৰ বৃদ্ধি পাই থকাত নিতৌ বানে প্লাৱিত কৰিছে ন ন অঞ্চল । দেওবাৰে পুৱাৰে পৰা প্লাৱিত হৈছে দিখৌমুখৰ এক বৃহত্তৰ অঞ্চল । ইতিমধ্যে দিখৌমুখ আৰু ৰূপহীমুখৰ সংযোগ বিচ্চিন্ন হৈ পৰিছে । দিখৌমুখ আৰু ৰূপহীমুখ সংযোগী এটা পকী কালভাৰ্ট ব্ৰক্ষ্মপুত্ৰৰ বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ লগতে বহু স্থানত বালিৰে বন্ধা মথাউৰি বাঢ়নী পানীয়ে ছিঙি পেলাইছে । জলমগ্ন হৈ পৰিছে কেইবা শতাধিক পৰিয়াল ।

আমগুৰিত জলবন্দী তিনিশ পৰিয়াল

ব্ৰহ্মপুত্ৰৰ বানৰ কৱলত দিখৌমুখ বৰআলি মিচিং গাঁও, 1 নম্বৰ আলিমূৰ, ৰূপহীমুখ কুমাৰ গাঁও,ৰূপহীমুখ মিচিং গাঁও, পুৰণিগুডাম, তেলীয়াডোঙাকে ধৰি স'ৰাগুৰি চাপৰিৰ কেইবাখনো গাঁৱৰ পাঁচশতাধিক লোক । বহিঃবিশ্বৰ পৰা যোগাযোগ বিছিন্ন হৈ পৰিছে ৰূপহীমুখ কুমাৰ গাঁও ,ৰূপহীমুখ মিচিং গাঁওৰ তিনি শতাধিক পৰিয়াল । জিলা প্ৰশাসনৰ ফালৰ পৰা বান বিধ্বস্ত অঞ্চলসমূহ পৰিদৰ্শন নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ । আনহাতে বাৰিষাৰ পূৰ্বে দিখৌমুখ আৰু ৰূপহীমুখৰ সংযোগী মথাউৰি বিজ্ঞানসন্মতভাৱে নিৰ্মাণ নকৰাত ক্ষোভিত হৈ উঠিছে স্থানীয় ৰাইজ ।

লগতে পঢ়ক : টীয়কত পানী যোগান আঁচনিৰ কামত অনিয়মৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.