তিনিচুকীয়া/শিৱসাগৰ, 18 মাৰ্চ : মধ্য অসমৰ তিনি যুৱকসহ পুনৰ আন 5 জন যুৱক আলফা স্বাধীনলৈ যোৱাৰ কথা জানিব পৰা হৈছে (Five Assam boys suspected to join ULFA-I) । বৃহস্পতিবাৰে বিয়লি যুৱককেইজন ম্যানমাৰত উপস্থিত হোৱাৰ কথা জানিব পৰা গৈছে । আলফা স্বাধীনত যোগদানৰ বাবে যোৱা যুৱককেইজন নগাঁও জিলাৰ কামপুৰ দেউৰী গাঁৱৰ যুৱক প্ৰবীণ বৰাৰ পুত্ৰ তন্ময় বৰা, নবীন গোৱালাৰ পুত্ৰ দিগন্ত গোৱালা, খগেশ্বৰ হীৰাৰ পুত্ৰ সুভাষ হীৰা, তিনিচুকীয়া মাকুমৰ শিমলুগুৰি চুকগাঁৱৰ পবিত্ৰ মৰাণৰ পুত্ৰ সুৰজ মৰাণ আৰু দৰং জিলাৰ মঙলদৈ ডামনিৰ হীৰকজ্যোতি বৰাই আলফা স্বাধীনত যোগদান কৰা বুলি জানিব পৰা হৈছে ।
তিনিচুকীয়া জিলাৰ মাকুম অঞ্চলৰ অন্তৰ্গত লাংকাছি শিমলুগুড়িচুক গাঁৱৰ নিবাসী তথা অইল ইণ্ডিয়া লিমিটেডৰ ঠিকাভিত্তিক কৰ্মচাৰী পবিত্ৰ মৰাণৰ দ্বিতীয় পুত্ৰ সুৰজ মৰাণে (23 বছৰ) আলফা স্বাধীনত যোগদান কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে(A youth from Tinsukia suspect of join in ULFA) । পৰিয়ালৰ ভাষ্য অনুসৰি, 16 মাৰ্চত সুৰজে দেউতাকক কৰ্মস্থানত এৰিবলৈ বুলি ওলাই যোৱাৰ পাছৰে পৰা ঘৰলৈ উভতি অহা নাই ৷ পৰিয়ালৰ লোকে এই সন্দৰ্ভত স্থানীয় লাংকাছি আৰক্ষী চকীত খবৰ দিয়ে ৷
সুৰজৰ পৰিয়ালৰ লোকে পৰৱৰ্তী সময়ত যুৱকজনে আলফা স্বাধীনত যোগদান কৰাৰ সন্দেহ কৰে ৷ সুৰজৰ মাতৃৰ লগতে পত্নী তথা পৰিয়ালবৰ্গই কান্দোনত ভাগি পৰাৰ লগতে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ যুৱকজনক উভতাই পঠাবলৈ সংবাদ মাধ্যমৰ আগত কাতৰ অনুৰোধ জনায় । এতিয়া প্ৰশ্ন, আলফা স্বাধীনৰ প্ৰতি কিয় ইমান আকৰ্ষিত হৈছে একাংশ যুৱক-যুৱতী ? নে চৰকাৰ কিম্বা সমাজখনৰ প্ৰতি যুৱক-যুৱতীসকলে আস্থা হেৰুৱাই পেলাইছে ? তাকেলৈ এতিয়া একাংশ সচেতন মহল শংকিত হৈ পৰিছে ।
লগতে পঢ়ক : নতুন সদস্যভুক্তিৰে পুনৰ শক্তিশালী হৈছে আলফা স্বাধীন !