ETV Bharat / state

শিৱসাগৰত অস্বাস্থ্যকৰ পৰিৱেশত মাছ বিক্ৰী নিষিদ্ধ - শিৱসাগৰ জিলা প্ৰশাসনে জিলাখনত অস্বাস্থ্যকৰ পৰিবেশত মাছ বিক্ৰী বন্ধ

উক্ত নিষেধাজ্ঞা বলৱৎ কৰাৰ বাবে জিলা প্ৰশাসনে জিলাখনৰ চাৰিওতা ৰাজহ চক্ৰ এলেকাত তদাৰকী গোট গঠন কৰি দিছে বুলি অৱগত কৰে শিৱসাগৰ জিলা উপায়ুক্ত লক্ষ্মীনন্দন গগৈয়ে ৷

শিৱসাগৰত অস্বাস্থ্যকৰ পৰিবেশত মাছ বিক্ৰী নিষিদ্ধ

author img

By

Published : May 7, 2020, 6:00 PM IST

শিৱসাগৰ, 7 মেঃ ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰ জিলা প্ৰশাসনে জিলাখনত অস্বাস্থ্যকৰ পৰিৱেশত মাছ বিক্ৰী বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে । এই নিৰ্দেশ অনুসৰি এতিয়াৰে পৰা পথৰ কাষত, পদপথত অথবা বজাৰত কোনো লোকে অস্বাস্থ্যকৰ পৰিবেশত আৰু মুকলিত মাছ বিক্ৰী কৰিব নোৱাৰিব ।

উল্লেখ্য যে, উক্ত নিষেধাজ্ঞা বলৱৎ কৰাৰ বাবে জিলা প্ৰশাসনে জিলাখনৰ চাৰিতা ৰাজহ চক্ৰ এলেকাত তদাৰকী গোট গঠন কৰি দিছে বুলি অৱগত কৰে শিৱসাগৰ জিলা উপায়ুক্ত লক্ষ্মীনন্দন গগৈয়ে ৷

শিৱসাগৰত অস্বাস্থ্যকৰ পৰিবেশত মাছ বিক্ৰী নিষিদ্ধ
এগৰাকী অতিৰিক্ত উপায়ুক্তৰ নেতৃত্বত এই গোট কেইটা গঠন কৰা হৈছে । গোট কেইটাই নগৰ সমিতি, পৌৰ সভাৰ অধীনৰ বজাৰ সমূহৰ লগতে গাঁও অঞ্চলত থকা বজাৰসমূহ পৰিদৰ্শন কৰিব আৰু বিহিত ব্যৱস্থা গ্ৰহণ কৰিব । দৰাচলতে প্রশাসনে অনুজ্ঞাপত্ৰ প্ৰদান কৰা লোককহে মাছ ব্যৱসায় কৰাৰ অনুমতি প্ৰদান কৰিছিল । অনুমতি লাভ কৰা সকলে গ্ৰাহকক হোম ডেলিভাৰী দিয়াৰ ব্যৱস্থা আছিল । প্ৰশাসনে সীমিত সংখ্যক লোককহে এই অনুমতি প্ৰদান কৰিছিল । কিন্তু প্রশাসনৰ নিষেধাজ্ঞা আওকাণ কৰি এতিয়া এচাম লোকে বজাৰ , পদ পথ আদিত মুকলিকৈ মাছ বিক্ৰী কৰি আছে । দুবেলা দুমুঠি খোৱাৰ তাড়নাত শ্ৰমিক শ্ৰেণীৰ লোকে উপায়হীন হৈ এনেদৰে প্রশাসনৰ নিষেধাজ্ঞা উলংঘা কৰিবলৈ বাধ্য হোৱা বুলি অধিকাংশ বেপাৰীয়ে প্ৰকাশ কৰিছে ।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.