শিৱসাগৰ, 10 এপ্ৰিল: শনিবাৰে শিৱসাগৰৰ নগৰত থকা শিৱসাগৰ জিলা কেন্দ্ৰীয় কাৰাগাৰত কয়দী সকলৰ সুবিধাৰ বাবে ফেন আৰু ইনভাৰ্টাৰ বিতৰণ কৰা হয় । শিৱসাগৰ জিলাৰ বিশিষ্ট ব্যৱসায়ী জিতু এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী তথা সমাজকৰ্মী ৰফিকুল হাজৰিকা ওৰফে জিতু হাজৰিকাই কয়দী সকলৰ সুবিধাৰ বাবে জেল কৰ্তৃপক্ষক ফেন আৰু ইনভাৰ্টাৰ প্ৰদান কৰে ।
বিভিন্ন সামাজিক কামত জড়িত থকা লোকজনে শিৱসাগৰৰ বিভিন্ন জনক বিপদৰ সময়ত সহায় সহযোগিতা আগবঢ়াই অহাতো সকলোৰে জ্ঞাত । গৰমৰ দিনত জেলত থকা কয়দী সকলৰ কষ্ট আৰু অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ শুকুৰবাৰে 12 খন ফেন আৰু ইনভাৰ্টাৰ জেল কৰ্তৃপক্ষক প্ৰদান কৰে । তেওঁ কয় যে, ৰাইজে সহযোগিতা আৰু আশীৰ্বাদ কৰিলে তেওঁ পৰৱৰ্তী সময়তো এইদৰেই কাম কৰি যাব ।