ETV Bharat / state

Family expelled From Society : গৌৰীসাগৰত কন্যাৰ বিদ্যালয় বদলি নকৰাৰ বাবেই এঘৰীয়া কৰিলে এটা পৰিয়ালক

শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ ৰূপহীমুখত বিদ্যালয় বদলি নকৰাৰ বাবে এঘৰীয়া কৰিলে এটা পৰিয়ালক (Family expelled for school matter) । ১নং ৰূপহীমুখ মিচিং গাঁৱত সংঘটিত হৈছে এই ঘটনা ।

Sivasagar
Sivasagar
author img

By

Published : Nov 12, 2022, 6:21 PM IST

Updated : Nov 12, 2022, 6:48 PM IST

আমগুৰি, ১২ নৱেম্বৰ : আহোমৰ চকলং বিয়া খাবলৈ যোৱাৰ অপৰাধত শেহতীয়াভাৱে শংকৰ সংঘই এঘৰীয়া কৰিছিল চাৰিটা পৰিয়ালক (Sankar Sangha Controversy) । যোৰহাটৰ মৰিয়নি লাহিং অঞ্চলত সংঘটিত হয় এই ঘটনা । পৰৱৰ্তী সময়ত আহোম সম্প্ৰদায়ৰ বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদত সেও মানি শংকৰ সংঘই এই সিদ্ধান্ত বাতিল কৰে ।

কিন্তু তাৰ পিছতো শংকৰ সংঘৰ বিষয়ববীয়াই উক্ত ঘটনাৰ বাবে ক্ষমা নিবিচাৰিলে কঠোৰ পদক্ষেপ গ্ৰহণৰ কথা উল্লেখ কৰিছিল টাইপাই । তাৰ ফলশ্ৰুতিতে ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ বাধ্য হৈছিল শংকৰ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে । এইবাৰ পিছে শংকৰ সংঘ নহয়, এক বিশেষ কাৰণত এখন গাঁৱৰ ৰাইজে এঘৰীয়া কৰিলে এটা পৰিয়ালক (Family expelled by society in Gourisagar) ।

যাৰ বাবে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে শিৱসাগৰ জিলাৰ গৌৰীসাগৰত । ঘটনাটো ঘটিছে গৌৰীসাগৰৰ ৰূপহীমুখ মিচিং গাঁৱত । শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ ৰূপহীমুখত বিদ্যালয় বদলি নকৰাৰ বাবে এঘৰীয়া কৰিলে এটা পৰিয়ালক (Family expelled for school matter) । ১নং ৰূপহীমুখ মিচিং গাঁৱত সংঘটিত হৈছে এই ঘটনা ।

গৌৰীসাগৰত বিদ্যালয় বদলি নকৰাৰ বাবেই এঘৰীয়া কৰিলে এটা পৰিয়ালক

কনক টাও আৰু গীতা টাওৰ পৰিয়ালৰ ক্ষেত্ৰত সংঘটিত হৈছে এই ঘটনা । এখন প্ৰাথমিক বিদ্যালয় একত্ৰীকৰণ কৰাৰ দাবীৰে ৰাইজে অন্য এখন বিদ্যালয়লৈ ৰূপহী মুখ মিচিং গাঁৱৰ কনক টাও আৰু গীতা টাওৰ কন্যাক বদলি কৰিবলৈ দাবী জনাইছিল (Family expelled by villagers in Sivasagar) । কিন্তু ২৬৪ নং কুমাৰ প্ৰাথমিক বিদ্যালয়ৰ একত্ৰীকৰণৰ কোনো চৰকাৰী নিৰ্দেশনা নথকাৰ লগতে সুস্থ শৈক্ষিক পৰিৱেশৰ বাবে কনক টাৱে কন্যাক ৮৮০ নং মিৰি প্ৰাথমিক বিদ্যালয়লৈ বদলি নকৰাত এঘৰীয়া কৰিছে আঞ্চলবাসীয়ে ।

পৰিয়ালটোৰ অভিযোগ, সামাজিকভাৱে এঘৰীয়া কৰাৰ লগতে নিজৰ কৃষি পথাৰত যোৱাতো বাধা প্ৰদান কৰিছে গাঁওবাসীয়ে । বৰ্তমান বিনা দোষত সামাজিকভাৱে বৰ্জিত পৰিয়ালটি মানসিকভাৱে ভাগি পৰিছে । সভ্য সমাজক লজ্জানত কৰা এনে সামাজিক ব্যাধিৰ ওপৰত প্ৰশাসনে কি ব্যৱস্থা গ্ৰহন কৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ।

লগতে পঢ়ক :Sivasagar administration initiative : শিৱসাগৰত থলুৱাভাৱে নিৰ্মিত সামগ্ৰীৰ বিক্ৰী কেন্দ্ৰ মুকলি

Last Updated : Nov 12, 2022, 6:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.