ETV Bharat / state

বজাৰ দখলৰ বাবে সাজু Bamboo Tea: আমগুৰিত বিশেষ পদক্ষেপ - বজাৰ দখলৰ বাবে সাজু Bamboo Tea

চাহৰ বাবে বিখ্যাত অসমত তৈয়াৰ হৈ আহিছে ভিন্ন প্ৰকাৰৰ চাহ । কেতিয়াবা যদি গ্ৰীণ টি, আন কেতিয়াবা আকৌ হোৱাইট টী । এইবাৰ আমগুৰিৰ এজন ব্যক্তিয়ে তৈয়াৰ কৰিছে বেম্ব' টী(Amguri bombay tea ready to occupy tea market) ।

http://10.10.50.80:6060///finalout3/assam-nle/finalout/09-June-2022/15513054_bamboo_tea_aspera.mp4
বজাৰ দখলৰ বাবে সাজু Bamboo Tea: আমগুৰিত বিশেষ পদক্ষেপ
author img

By

Published : Jun 9, 2022, 2:17 PM IST

আমগুৰি,৯ জুন: ব্যতিক্ৰমী সোৱাদেৰে চাহৰ বজাৰ দখলৰ বাবে সাজু হৈছে আমগুৰিৰ বেম্ব' টী(Amguri bombay tea ready to occupy tea market) । আমগুৰিৰ এখন গাঁৱৰ এগৰাকী ক্ষুদ্ৰ চাহ খেতিয়কে নিজৰ চাহ বাগানৰ চাহপাতেৰে ঘৰতে তৈয়াৰ কৰি উলিয়াইছে এই বিশেষ চাহবিধ । আমগুৰি ৰতনপুৰীয়া গাঁৱৰ প্ৰহ্লাদ খনিকৰে প্ৰস্তুত কৰিছে এই বিশেষ বেম্ব' টী ।

নিজৰ ক্ষুদ্ৰ চাহ বাগিচাত জৈৱিক পদ্ধতিৰে গঢ় দি এটি কলি দুটি পাতেৰে প্ৰস্তুত কৰিছে এই বিশেষ পানীয় বিধ । বাঁহৰ চুঙাত বিশেষ পদ্ধতিৰে চাহপাতৰ কলি সুমুৱাই এমাহৰ পৰা ডেৰমাহ পৰ্যন্ত জুইৰ উত্তাপত ৰাখি প্ৰস্তুত কৰিছে এই বিশেষ বেম্ব' টী । 'গ্ৰীণ টী'ৰ পিছত বেম্ব' টীৰ বজাৰ দখল কৰিবৰ কাৰণে সাজু হোৱা চাহ খেতিয়ক প্ৰহ্লাদ খনিকৰে এটা চুঙাৰ দাম ১৫০০ টকাকৈ বিক্ৰী কৰি আহিছে ।

বজাৰ দখলৰ বাবে সাজু Bamboo Tea: আমগুৰিত বিশেষ পদক্ষেপ

অসমৰ বজাৰ দখল কৰিব পৰাকৈ এইগৰাকী ক্ষুদ্ৰ চাহ খতিয়কে দেখুৱাইছে আদৰ্শৰ বাট । যি সময়ত কেঁচা চাহপাত ক্ষুদ্ৰ চাহ খেতিয়কে অতি নিম্নতম মূল্যত বিক্ৰী কৰিছে তেনে সময়তে এইজন প্ৰহ্লাদ খনিকৰে ঘৰতে বেম্ব' টী প্ৰস্তুত কৰি আদৰ্শৰ বাট দেখুৱাবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক: সকলো প্ৰত্যাহ্বান নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ তানবীৰ-আঁকিনুৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.