শিৱসাগৰ,১৬ মে': শিৱসাগৰত এভাৰেষ্ট বিজয়ী নৱ কুমাৰ ফুকনৰ সংবাদ মেল । এখন কাকতত নৱ কুমাৰ ফুকন সম্পৰ্কত ভুল তথ্য প্ৰকাশ কৰাৰ অভিযোগ(Paper alleged to have published misinformation about Nav Kumar Phukan) । ২০১৬ত নৱ কুমাৰ ফুকনে হিমালয়ৰ সু-উচ্চ শিখৰত আৰোহণ কৰিছিল(Navkumar Phukan climbed the high peaks of the Himalayas in 2016) । এভাৰেষ্ট আৰোহণকাৰী দলটোৰ দলপতি আছিল নৱ কুমাৰ ফুকন ।
পৰৱৰ্তী সময়ত দলটোৰ হাৰিয়ানাৰ দুই সদস্যই ভুৱা প্ৰমাণ পত্ৰ প্ৰচাৰ কৰিছিল । ইয়াৰে এজন নিৰ্বাচিত হৈছিল এক ৰাষ্ট্ৰীয় বঁটাৰ বাবে । তাৰেই বিৰোধিতা কৰিছিল নৱ কুমাৰ ফুকনে । সেই বিতৰ্কৰ বাবেই এভাৰেষ্ট আৰোহণত ৬ বছৰৰ বাবে নিষেধাজ্ঞা জাৰি কৰা হৈছিল ফুকনক ।
কিন্তু কাকতখনত প্ৰকাশ পাইছে বিপৰীত তথ্য । সংবাদ মেলত নৱ কুমাৰ ফুকনে জনাই যে দলৰ দলপতি হোৱাৰ বাবেহে তেঁওৰ ওপৰত ৬ বছৰৰ নিষেধাজ্ঞা জাৰি কৰিছিল । দলপতি হিচাপে তথ্য পৰীক্ষা নকৰাৰ বাবেহে নিষেধাজ্ঞাৰ সন্মুখীন হৈছিল ।
সংবাদ পত্ৰখনৰ এটা প্ৰৱন্ধত অসমীয়াক লজ্জানত কৰিছে বুলি লিখা প্ৰৱন্ধক লৈ নৱ ফুকনে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া । প্ৰৱন্ধটোৰ লেখক হেমন্ত বেজবৰুৱাৰ ওচৰত তথ্য যদি আছে তেন্তে প্ৰকাশ কৰাৰ আহ্বান জনাই পৰ্বতাৰোহী গৰাকীয়ে । সকলো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ সাজু থকা নৱ ফুকনে পৰ্ৱৰ্তী সময়ত আইনৰ কাষ চপাৰ কথাও উল্লেখ কৰে ।