ETV Bharat / state

চাৰিমহীয়া সন্তানক বুকুত গুজি পদুলি মুখত অপহৃত ৰিতুল শইকীয়াৰ পত্নী

author img

By

Published : May 6, 2021, 8:40 PM IST

বৰ্তমানেও সন্ধানহীন হৈ আছে অ এন জি চিৰ লাকুৱাস্থিত ৰীগত কর্মৰত ৰিতুল শইকীয়া ৷ স্বামীৰ সন্ধান নাপায় চিন্তিত হৈ পৰিছে এতিয়া ৰিতুল শইকীয়াৰ পত্নী ৷

চাৰিমহীয়া সন্তানক বুকুত গুজি পদুলি মুখত অপহৃত ৰিতুল শইকীয়াৰ পত্নী
চাৰিমহীয়া সন্তানক বুকুত গুজি পদুলি মুখত অপহৃত ৰিতুল শইকীয়াৰ পত্নী

শিৱসাগৰ,6মে' : অ এন জি চিৰ লাকুৱাস্থিত এটা ৰীগত কর্মৰত অৱস্থাত থকাৰ সময়তে যোৱা ২০ এপ্ৰিলৰ দিনা এটা পাঁচজনীয়া সশস্ত্ৰ উগ্ৰপন্থীৰ দলে অপহৰণ কৰি নিছিল তিনি অসমীয়া যুৱক ক্ৰমে মোহিনী মোহন গগৈ, অলকেশ শইকীয়া আৰু ৰিতুল শইকীয়াক ।

আলফা স্বাধীনৰ দ্বাৰা অপহৃত অ’এনজিচিৰ দুই কৰ্মচাৰী ক্ৰমে, মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াক ইতিমধ্যে অসম আৰক্ষী আৰু সেনাৰ যুটীয়া সহযোগত উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল যদিও আজিও সন্ধান নোলাল আনজন অপহৃত-ৰিতুল শইকীয়াৰ ।

নাগালেণ্ডৰ এক দুৰ্গম স্থানত সেনা আৰু আলফাৰ অপহৰণকাৰী দলটোৰ মাজত হৈছিল সংঘৰ্ষ । দুই পক্ষৰ মাজত চলা প্ৰচণ্ড গুলীয়াগুলীৰ মাজতে নিৰুদ্দিষ্ট হৈছিল ৰিতুল শইকীয়া ।

এফালে আলফা স্বাধীনৰ ষ্পষ্ট বার্তা যে,ৰিতুল শইকীয়াক আলফাই বন্দী বনাই ৰখা নাই আৰু আনহাতে সেনাই বৰ্তমানেও কোনো ষ্পষ্টকৰণ নিদিলে নিৰুদ্দিষ্ট ৰিতুল শইকীয়াক লৈ। এইখিনিতে প্ৰশ্ন হয়, অসম আৰক্ষী তথা সেনাই কিয় ষ্পষ্ট কৰি দিব পৰা নাই , সেই অভিশপ্ত নিশাটোত প্ৰকৃততে ঘটিছিল কি, যিদিনা আন দুজন অপহৃত মোহনী মোহন গগৈ আৰু অলেশ শইকীয়াক উদ্ধাৰ কৰা হৈছিল । সন্ধিয়াৰ পৰা মধ্য নিশালৈ হোৱা সংঘৰ্ষৰ বলী হ’ল নেকি দুর্ভগীয়া ৰিতুল শইকীয়া ?

উল্লেখনীয় যে, ৰাজ্যত নিৰ্বাচনী ফলাফলৰ ব্যস্ততাৰ মাজতে যেন ক'ৰবাত হেৰায় গ'ল নিৰুদ্দিষ্ট ৰিতুল শইকীয়াৰ প্ৰসংগ ? নে নিজৰ ব্যর্থতাক ঢাকিবলৈ সংবাদ মাধ্যম, অপহৃতৰ পৰিয়াল তথা ৰাজ্যবাসীৰ মাজত বিষয়টো গাপ দিয়াৰ চেষ্টা চলাইছে চৰকাৰ, প্ৰশাসন, সেনা আৰু বিভাগীয় কৰ্তৃপক্ষই !

এনে অৱস্থাত অ’এনজিচিৰ কৰ্মচাৰী ৰিতুল শইকীয়াৰ ঘৰখনত এতিয়াও বিৰাজ কৰি আহিছে এক শোকাকুল পৰিৱেশে । ৰিতুলৰ পিতৃৰ আহ্বান-আমাৰ ল’ৰাক ভালে-কুশলে ঘৰলৈ পঠিয়াই দিয়ক । চৰকাৰ, প্ৰশাসন , সেনা- আৰক্ষী তথা বিভাগীয় কৰ্তৃপক্ষই আনি দিয়ক আমাৰ ৰিতুলক ৷

অন্য এক খবৰৰ বাবে: নলবাৰীৰ এটা হত্যাকাণ্ড: আইতাকলৈ নাতিয়েকৰ চৰম উপহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.