ETV Bharat / state

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ: আমগুৰিৰ পৰিয়াললৈ সহায়ৰ হাত - শিৱসাগৰৰ আমগুৰি

পিতৃ-মাতৃৰ মৃত্যুৰ পিছত নিথৰুৱা হোৱা শিৱসাগৰৰ আমগুৰিৰ এটা পৰিয়ালৰ কৰুণ কাহিনীৰ খবৰ প্ৰকাশিত হৈছিল ইটিভি ভাৰতত ৷ মৃত দম্পতীটোৰ তিনিগৰাকী কন্যাৰ লগতে একমাত্ৰ পুত্ৰই জীৱন অতিবাহিত কৰিছিল এটা উৰুখা পঁজাত ৷ পৰিয়ালটোৰ দুৰ্দশাৰ এই বাতৰি প্ৰকাশ হোৱাৰ পিছতে বিভিন্নজনে আগবঢ়াইছে সহায়ৰ হাত ৷

Etv Bharat News Impact helping hand story amguri sivsagar assam etv bharat news
ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ
author img

By

Published : Sep 3, 2020, 1:57 PM IST

আমগুৰি, 3 চেপ্তেম্বৰ: পিতৃ-মাতৃৰ মৃত্যুৰ পিছত নিথৰুৱা হোৱা শিৱসাগৰৰ আমগুৰিৰ এটা পৰিয়ালৰ কৰুণ কাহিনীৰ খবৰ প্ৰকাশিত হৈছিল ইটিভি ভাৰতত ৷ মৃত দম্পতীটোৰ তিনিগৰাকী কন্যাৰ লগতে একমাত্ৰ পুত্ৰই জীৱন অতিবাহিত কৰিছিল এটা উৰুখা পঁজাত ৷ পৰিয়ালটোৰ দুৰ্দশাৰ এই বাতৰি প্ৰকাশ হোৱাৰ পিছতে বিভিন্নজনে আগবঢ়াইছে সহায়ৰ হাত ৷

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ

উল্লেখ্য যে,দৰিদ্ৰ পৰিয়ালটোলৈ আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ পুত্ৰ অভিনৱ হাজৰিকাই এখন চিলিং ফেনৰ লগতে টিনপাট আৰু ত্ৰিপাল আগবঢ়ায় ৷ তদুপৰি গৌৰীসাগৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ী তথা সমাজকৰ্মী জিতু দত্তই নগদ ধন আৰ অন্যান্য সা-সুবিধাৰ লগতে চাৰিওটি সন্তানৰ পঢ়াৰ খৰচ আৰু অন্যান্য সামগ্ৰী যোগানৰ আশ্বাস প্ৰদান কৰে ৷ জিলাখনৰ উল্লেখ্যযোগ্য সংগঠন টাই আহোম ছাত্ৰ সন্থা, দিকচু পঞ্চায়তেও বিভিন্ন সামগ্ৰী যোগান ধৰে পৰিয়ালটোক ৷ ইতিমধ্যে পিতৃ-মাতৃৰ মৃত্যুৰ পিছত একপ্ৰকাৰ নিথৰুৱা হোৱা সন্তান চাৰিটাই জীৱন যুদ্ধত জীয়াই থকাৰ সাহস হেৰুৱাই পেলাইছিল ।

দুৰ্ভগীয়া পৰিয়ালটোক সদাশয় কোনো লোকে সহায় কৰিব বিচাৰিলে প্ৰস্তুতি বৰুৱাৰ নামতি SBI শাখাৰ একাউণ্ট নম্বৰ 37310940187 আৰু IFSC নং SBIN0007429 ত অথবা ম’বাইল নং 99540-16294 ত যোগাযোগ কৰিব পাৰে ।

লগতে পঢ়ক : বৰ্ষাকালিন অধিৱেশনৰ অন্তিমটো দিনত কি কি হ'ল ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.