ETV Bharat / state

শিপিনীয়ে এৰাতিত বোৱা সাজ পিন্ধি যুদ্ধৰ বাবে সাজু হৈছে অংকিতা দত্ত

আমগুৰি সমষ্টিৰ মহিলাসকলে বোৱা কাপোৰ আগত লৈ শিৱসাগৰ নগৰৰ দ'লমুখ চাৰিআলিত অৱস্থান কৰি নিৰ্বাচনী যুদ্ধ ঘোষণা কৰে । বিজেপিৰ মিত্ৰজোঁটৰ অগপ দলৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ দিনত আমগুৰি সমষ্টিৰ অধঃপতন এইবাৰ কংগ্ৰেছ দলে ৰোধ কৰিব বুলি হুংকাৰ দিয়ে কংগ্ৰেছ সমৰ্থকে ৷

election war declair by ankita at amguri
শিপিনীয়ে এৰাতিত বোৱা সাজ পিন্ধি যুদ্ধৰ বাবে সাজু হৈছে আমগুৰিৰ অংকিতা দত্ত
author img

By

Published : Mar 8, 2021, 10:18 PM IST

শিৱসাগৰ, 8 মাৰ্চ : আহোমৰ দিনত দেশ ৰক্ষাৰ বাবে যুঁজলৈ সাজু হৈছিল ৰণুৱা । ৰণুৱাক যুঁজলৈ সাজু কৰাৰ আগত অসমীয়া শিপিনীয়ে এৰাতিত বৈ দিছিল কৱচ । এনে এক যুদ্ধৰ ঘোষণা কৰিছে এইবাৰৰ নিৰ্বাচনত । এই ঘোষণা কৰিছে 103 নং আমগুৰি বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী অংকিতা দত্তই । আমগুৰি সমষ্টিৰ শিপিনীয়ে এৰাতিত বোৱা সাজ পিন্ধি উক্ত সাজত কংগ্ৰেছ দলৰ প্ৰতীক হাতৰ চাপলৈ শিৱসাগৰৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে অংকিতাই ।

শিপিনীয়ে এৰাতিত বোৱা সাজ পিন্ধি যুদ্ধৰ বাবে সাজু হৈছে আমগুৰিৰ অংকিতা দত্ত

আনহাতে আমগুৰি সমষ্টিৰ মহিলাসকলে বোৱা কাপোৰ আগত লৈ শিৱসাগৰ নগৰৰ দ'লমুখ চাৰিআলিত অৱস্থান কৰি নিৰ্বাচনী যুদ্ধ ঘোষণা কৰে । বিজেপিৰ মিত্ৰজোঁটৰ অগপ দলৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ দিনত আমগুৰি সমষ্টিৰ অধঃপতন এইবাৰ ৰোধ কৰিব কংগ্ৰেছ দলে । যাৰবাবে আমগুৰিৰ কংগ্ৰেছ আহোম দিনৰ ৰক্ষা কৱচ পিন্ধি যুদ্ধৰ বাবে সাজু হৈছে । উন্নয়ন আৰু কৰ্মৰ যুদ্ধৰ বাবে টঙালি বান্ধিছে আমগুৰিৰ কংগ্ৰেছ দলে ।

লগতে পঢ়ক : ইতিহাস হোৱাৰ পথত ৮৫ৰ ৰাজনীতিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.