ETV Bharat / state

ডিমৌত নিৰ্বাচনী হিংসা: গুৰুতৰভাৱে আহত কংগ্ৰেছ কৰ্মী

author img

By

Published : Mar 8, 2021, 11:36 AM IST

নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ নিৰ্বাচনৰ প্ৰাক মুৰ্হুতত নিৰ্বাচনী হিংসাত উত্তপ্ত হৈ পৰিছে ডিমৌ ৷ দেওবাৰে নিশা থাওৰা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেমুগুৰি মণ্ডলৰ সম্পাদক অনুপম সন্দিকৈক বিজেপি বিধায়ক কুশল দুৱৰীৰ গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

election-violance
শিৱসাগৰৰ ডিমৌত নিৰ্বাচনী হিংসাঃগুৰুতৰভাৱে আহত কংগ্ৰেছ কৰ্মী

ডিমৌ,8 মাৰ্চ: নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ নিৰ্বাচনৰ প্ৰাক মুৰ্হুতত নিৰ্বাচনী হিংসাত উত্তপ্ত হৈ পৰিছে ডিমৌ ৷ দেওবাৰে নিশা থাওৰা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেমুগুৰি মণ্ডলৰ সম্পাদক অনুপম সন্দিকৈক বিজেপি বিধায়ক কুশল দুৱৰীৰ গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ এই আক্ৰমণত গুৰুতৰভাৱে আহত হয় অনুপম সন্দিকৈ ৷

ডিমৌত নিৰ্বাচনী হিংসা

এই ঘটনাৰ পিচতে বিজেপি বিধায়ক কুশল দুৱৰীক তীব্ৰ সমালোচনা কৰি ঘটনাৰ উচিত তদন্তৰ দাবী জনায় প্ৰাক্তন বিধায়ক সুশান্ত বৰগোঁহাইয়ে ৷ ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত ডিমৌ আৰক্ষীক এজাহাৰ দাখিল কৰিছে ভুক্তভোগী অনুপম সন্দিকৈয়ে ৷ দুষ্কৃতিকাৰীৰ আক্ৰমণত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত কংগ্ৰেছ কৰ্মী অনুপম সন্দিকৈক চিকিৎসাৰ বাবে ডিমৌ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ উল্লেখ্য যে, দুষ্কৃতিকাৰীৰ দলটোৱে ব্যৱহাৰ কৰা বিজেপি দলৰ প্ৰতীক সম্বলিত বলেৰ বাহনৰ ভিডিঅ' ডিমৌ আৰক্ষীক জমা দিছে কংগ্ৰেছ কৰ্মীসকলে ৷

লগতে পঢ়কঃ টিকট বঞ্চিত সত্যব্ৰত কলিতাক কটাক্ষ দিগন্ত কলিতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.