শিৱসাগৰ, 31 মে’ : সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰক্ষী-প্ৰশাসনে ৷ বিগত কেইবাদিন ধৰি আৰক্ষীয়ে চলোৱা ড্ৰাগছ মাফিয়া বিৰোধী অভিযান তীব্ৰতৰ হোৱাৰ লগতে কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰী ৰঙাঘৰৰ আলহী হৈছে ।
শিৱসাগৰৰ ড্ৰাগছ ব্যৱসায়ী মুস্তাক আহমেদ ওৰফে জিম্পীয়ে বহুদিন ধৰি শিৱসাগৰ নগৰৰ লগতে উপকণ্ঠ অঞ্চলত নিজৰ অবৈধ বেহা চলাই আহিছিল আৰু সদায় আৰক্ষীৰ জালৰ পৰা সাৰি গৈছিল ৷ অৱশেষত সোমবাৰে শিৱসাগৰ আৰক্ষী হাতত হাতে-লোটে ধৰা পৰে ড্ৰাগছ ব্যৱসায়ীজন ৷
ইয়াৰ পূৰ্বে ড্ৰাগছ ব্যৱসায়ীজনৰ ড্ৰাগছৰ ঘাটি সন্দৰ্ভত বাতৰি প্ৰচাৰ কৰিবলৈ যোৱা সাংবাদিক আব্দুল নুৰ আলীক প্ৰাণে মৰাৰ ভাবুকি দিয়ে ড্ৰাগছ ব্যৱসায়ীজনে ৷ ইয়াৰ পাচতে শিৱসাগৰ সদৰ থানাত বীৰ লাচিত সেনা শিৱসাগৰ নগৰ সমিতিয়ে ড্ৰাগছ মাফিয়া মুস্তাক আহমেদৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷ এজাহাৰৰ ভিত্তিত ড্ৰাগছ ব্যৱসায়ীজনক আটক কৰে শিৱসাগৰ আৰক্ষীয়ে ৷
লগতে পঢ়ক : কমলপুৰ আৰক্ষীৰ জালত দুই ড্ৰাগছ ব্যৱসায়ী