ETV Bharat / state

ড্ৰোণ সাজি চমক সৃষ্টি কৰিছে শিৱসাগৰৰ এগৰাকী ছাত্ৰই - etv bharat special news

এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰ ৷ বৰ্তমান সংবাদ শীৰ্ষত ছাত্ৰগৰাকী ৷ ছাত্ৰগৰাকীয়ে সাজি উলিয়াইছে এখন অত্যাধুনিক ড্ৰোণ ৷ ছাত্ৰগৰাকী শিৱসাগৰৰ হলিনেম বিদ্যালয়ৰ ছাত্ৰ গীতাৰ্থ বৰগোঁহাই ৷

শিৱসাগৰৰ এগৰাকী ছাত্ৰ
শিৱসাগৰৰ এগৰাকী ছাত্ৰ
author img

By

Published : Aug 5, 2020, 7:17 PM IST

নাজিৰা,৪ আগষ্ট: লক ডাউনৰ বাবে অফুৰন্ত সময় লাভ কৰা প্ৰতিজনে ব্যস্ত হৈ পৰিছে সৃষ্টিশীল কাৰ্যত ৷ প্ৰতিভা বিকাশ কৰিছে ভাল লগা কামৰ জৰিয়তে ৷ তেনে এগৰাকী ছাত্ৰ হৈছে গীতাৰ্থ বৰগোঁহাই ৷ শিৱসাগৰৰ হলিনেম বিদ্যালয়ৰ ছাত্ৰ গীতাৰ্থ ৷

ড্ৰোণ সাজি চমক সৃষ্টি কৰিছে শিৱসাগৰৰ এগৰাকী ছাত্ৰই

ছাত্ৰগৰাকীৰ উদ্ভাৱনী প্ৰতিভাই চমক সৃষ্টি কৰিছে ৰাইজৰ মাজত ৷ একাণপতীয়া অধ্যয়ন আৰু সদিচ্ছাৰ বলতে ছাত্ৰগৰাকীয়ে সাজি উলিয়াইছে এখন ড্ৰোণ ৷ ৰিম’টৰ সহায়েৰে আকাশত উৰুৱাব পাৰি ড্ৰোণখন ৷ ইতিপূৰ্বে গীতাৰ্থই সাজি উলিয়াইছে অন্য বহু সামগ্ৰী ৷ বিদ্যুত চালিত ডাষ্টবিন, ভেকুৱাম ক্লিনাৰ, বেটাৰীবিহীন টৰ্চ, কণীৰ পৰা পোৱালী জন্ম দিব পৰা অত্যাধুনিক ইনকুৱেটৰ ইত্যাদি উদ্ভাৱন কৰি চমক সৃষ্টি কৰিছে দশম শ্ৰেণীৰ ছাত্ৰগৰাকীয়ে ৷ অষ্টম শ্ৰেণীত থাকোতে ছাত্ৰগৰাকীয়ে সাজি উলিয়াইছিল এখন ইলেট্ৰ’নিক বাই চাইকেল ৷ এই সকলোবোৰৰ মাজতে গীতাৰ্থই অব্যাহত ৰাখিছে নিয়মীয়া সংগীত চৰ্চা ৷ ভৱিষ্যতে এগৰাকী বৈজ্ঞানিক হোৱা আশা পুহি ৰখা ছাত্ৰগৰাকীলৈ ইটিভি ভাৰতৰ তৰফৰ পৰা থাকিল অশেষ শুভকামনা ৷

লগতে পঢ়ক: খেলৰ জৰিয়তে শিক্ষা প্ৰদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.