আমগুৰি,17 মাৰ্চ: আমগুৰিত সত্ৰীয়া নৃত্যৰ প্ৰথম গৰাকী ডক্টৰেট তথা বিশিষ্ট সত্ৰীয়া গৱেষক ড৹ জগন্নাথ মহন্তৰ সোৱঁৰণী বঁটা প্ৰদান কৰা হয় ৷ আমগুৰিৰ কেন্দ্ৰীয় পুথিভঁৰাল প্ৰাংগণত এক অনুষ্ঠানত জগন্নাথ মহন্তৰ সপ্তম মৃত্যু বাৰ্ষিকীত দ্বিতীয়বাৰৰ বাবে এই বঁটা প্ৰদান কৰা হয় ৷ সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট প্ৰচাৰক তথা মাজুলী আউনীআটীয় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কৰুণা বৰাক ড৹ জগন্নাথ মহন্তৰ সোৱঁৰণী বঁটা প্ৰদান কৰা হয় ৷
ড৹ জগন্নাথ মহন্ত সোঁৱৰণী মঞ্চ আৰু পূবেৰুণ শিল্পী সমাজৰ উদ্যোগত অয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক, সত্ৰীয়া সাধক টংকেশ্বৰ হাজৰিকা বৰবায়নে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ৷ বঁটা গ্ৰহণ কৰি কৰুণা বৰাই কয় যে, সত্ৰীয়া নৃত্যৰ প্ৰণালীবদ্ধ আৰু বিজ্ঞান সন্মত চৰ্চাই ইয়াক ৰাষ্ট্ৰীয় স্বীকৃতিৰ দিশত লৈ যাব পাৰে ৷ ওডিচী নৃত্যই যদি জগতসভা শুৱনি কৰিব পাৰে সত্ৰীয়া নৃত্যই নোৱাৰাৰ কাৰণ নাই বুলিও তেওঁ মন্তব্য কৰে ৷
![dr jagannath mahanta memorial award conferred to karuna bora](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-amg-806-810-18-mar-award-donated-photo-samiran-duarah_17032021190742_1703f_1615988262_409.jpg)
জগন্নাথ মহন্ত সোঁৱৰণী মঞ্চৰ সম্পাদক হিমাদ্ৰী জ্যোতি দত্তই আঁত ধৰা অনুষ্ঠানৰ আৰম্ভণিতে উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষীকান্ত মহন্তই জগন্নাথ মহন্তৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন কৰে ৷ সোঁৱৰণী মঞ্চৰ সভাপতি ড৹ অনিল শইকীয়াই আদৰণি ভাষণ দিয়া অনুষ্ঠানত জগন্নাথ মহন্তৰ সহধৰ্মিনী অঞ্জনা মহন্ত, পূৱেৰুণৰ সভাপতি ৰাতুল শইকীয়া, প্ৰাক্তন অধ্যক্ষ যোগেশ কিশোৰ ফুকন, প্ৰবীণ সাংবাদিক প্ৰদীপ দত্ত, ধৰ্ম বৰুৱা, প্ৰশান্ত শৰ্মা আদি বহু কেইগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ৷ অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে সত্ৰীয়া নৃত্য পৰিৱেশন কৰি পৰিৱেশটো জীপাল কৰি তোলে ৷
লগতে পঢ়ক: ভোটাৰক সজাগ কৰিবলৈ আমগুৰিত বাটৰ নাট প্ৰদৰ্শন