নিউজ ডেস্ক, 2 ছেপ্তেম্বৰঃ 31 আগষ্টত টীয়ক চাহ বাগিছাত উন্মাদ ৰাইজৰ দলবদ্ধ প্ৰহাৰত কৰুণ মৃত্যুক সাৱটি লোৱা কৰ্মৰত চিকিৎসক ডাঃ দেৱেন দত্তৰ হত্যাৰ প্ৰতিবাদত ৰাজ্যজুৰি সকলো চিকিৎসক সমাজ একত্ৰিত হোৱা পৰিলক্ষিত হৈছে ৷ বৰ্ষীয়ান চিকিৎসকজনৰ নিৰ্মম হত্যাকাণ্ডৰ প্ৰতিবাদস্বৰূপে হত্যাকাৰীক কঠোৰ পৰা কঠোৰতম শাস্তিৰ দাবীত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক আৰু সমূহ কৰ্মচাৰীয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । দিনযোৰা প্ৰতিবাদ সাব্যস্ত কৰি পুনৰ প্ৰায় দুই শতাধিক চিকিৎসক আৰু কৰ্মচাৰীয়ে হাতে হাতে মম লৈ চিকিৎসা মহাবিদ্যালয়ৰ চৌহদৰ পৰা চহৰখনৰ বৰুৱা চাৰিআলি লৈ আহি প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইতিমধ্যে যোৰহাট আৰক্ষীয়ে ঘটনাৰ লগত জড়িত ২২ লোকক গ্ৰেপ্তাৰ কৰিছে । আনহাতে ভাৰতীয় দণ্ডবিধিৰ অনুসৰি টিয়ক থানাত গোচৰ ৰুজু কৰা হৈছে ৷
ইফালে, শিৱসাগৰত সৰ্বভাৰতীয় চিকিৎসক সংস্থা আইএমএ(IMA) আৰু এএমএছএ(AMSA)ৰ ৰাজ্যিক সমিতিয়ে এনে নাৰকীয় ঘটনাৰ প্ৰতিবাদত মংগলবাৰে দিনযোৰা কাৰ্যসূচীৰে পুৱা 6 বজাৰ পৰা ২৪ ঘণ্টীয়া ধৰ্মঘট পালন কৰাৰ কথা সদৰী কৰে । য'ত জৰুৰীকালিন সেৱাৰ বাহিৰে বাকী সকলো সেৱা প্ৰদানৰ পৰা বিৰত থাকিব জিলাখনৰ চিকিৎসক সমাজ । দুয়োটা চিকিৎসক সংস্থাই দেৱেন দত্তৰ হত্যাৰ ঘটনাক গৰিহণা দি শিৱসাগৰ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক ধৰ্মঘট সম্পৰ্কে এক স্মাৰক পত্ৰ প্ৰদান কৰে ।
সমান্তৰালভাৱে গোলাঘাটতও চিকিৎসক হত্যাৰ বিৰুদ্ধে প্ৰত্যক্ষ কৰা হয় তীব্ৰ বিক্ষোভ তথা প্ৰতিবাদ ৷ জিলাখনত সদৌ অসম বহুমুখী স্বাস্থ্যকৰ্মী (পুৰুষ) সন্থাই চিকিৎসক ডা: দেৱেন দত্তক নৃশংসভাৱে হত্যা কৰা ঘটনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ সংগঠনটোৱে গোলাঘাট নগৰৰ বাটা পইন্টত বন্তি প্ৰজ্জ্বলন কৰি স্বৰ্গীয় চিকিৎসকগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে চিকিৎসকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী জনাই ৷