আমগুৰি, ২৫ আগষ্টঃ অসমৰ পাটসূতাৰ অন্যতম বৃহৎ উদ্যোগ হিচাপে পৰিগণিত হোৱা শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ প্ৰতিষ্ঠানটো সম্প্ৰতি জহি খহি যাবলৈ আৰম্ভ কৰিছে । শিৱসাগৰ জিলাৰ গৌৰীসাগৰত অৱস্থিত উদ্যোগটোত থকা পাটসূটা কটা, পকোৱা, চেৰেকী মেছিনৰ লগতে হট এয়াৰ ড্ৰায়াৰ, উচনা কুঠি, পানী গৰম কৰা যন্ত্ৰ ইত্যাদি বিকল হৈ পৰিছে ৷
ইপিনে যন্ত্ৰবিলাকত লতা, হাবি-জংঘল গজি কোটি টকীয়া যন্ত্ৰবিলাক মামৰে ধৰিবলৈ আৰম্ভ কৰিছে । যন্ত্ৰ ৰখা গৃহবিলাক ভাঙি-চিঙি উৱঁলি যোৱাত উত্তৰ-পূৰ্বাঞ্চলৰ বৃহৎ উদ্যোগটি সম্প্ৰতি এৰাবাৰীত পৰিণত হৈছে । প্ৰতিষ্ঠানটোৰ প্ৰায় ১৪ টা গুৰুত্বপূৰ্ণ মেছিন ৰখা গৃহ, কাৰ্যালয় গৃহ, আৱাস গৃহ ভাঙি যোৱাত কৰ্মচাৰীসকলে কাৰ্যসম্পাদন কৰাত অসুবিধাৰ সৃষ্টি হৈছে । কোটিটকীয়া মেছিন, যন্ত্ৰবিলাক উৱঁলি যোৱাৰ পিছতো ৰাজ্যৰ পৰিৱৰ্তনকামী চৰকাৰৰ বিভাগীয় মন্ত্ৰীৰ দৃষ্টিগোচৰ নোহোৱা বিষয়টোৱে তাৎপৰ্য বহন কৰিছে ।
এইক্ষেত্ৰত গৌৰীসাগৰত অৱস্থিত এই উদ্যোগটো শীঘ্ৰে মেৰামতি কৰিবলৈ গৌৰীসাগৰ ছাত্ৰ সন্থাই দাবী জনাইছে । অন্যথা তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ প্ৰদান কৰিছে ।
লগতে পঢ়কঃ শিমলুগুৰি নগৰত চুৰিকাঘাটৰ ঘটনা