ETV Bharat / state

দুই কমিটীৰ বাবেই আজান পীৰ দৰগাহৰ শোচনীয় অৱস্থা - Dargah of Azaan Pir in Sivasagar

আজান পীৰৰ দৰগাহ (Dargah of Azaan Pir in Sivasagar) হিন্দু-মুছলমানৰ চিৰ যুগমীয়া সম্প্ৰীতিৰ প্ৰতীক । এই দৰগাহ জিকিৰৰ জন্মদাতা আজান পীৰৰ স্মৃতিত নিৰ্মান কৰা এক মছজিদ । এই দৰগাহ অৱস্থিত হৈ আছে শিৱসাগৰ নগৰৰ পৰা প্ৰায় ১৯-২০ কিঃমিঃ নিলগত। দিখৌ আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলৰ ওচৰতে শৰাগুৰি চাপৰিত। পিছে দুই কমিটীৰ যুঁজত এতিয়া পীৰ চাহেবৰ সমাধিৰ পুতৌ লগা অৱস্থা।

Dargah of Azaan Pir in Sivasagar)
দুই কমিটীৰ বাবেই আজান পীৰ দৰগাহৰ শোচনীয় অৱস্থা
author img

By

Published : Sep 11, 2022, 12:55 PM IST

শিৱসাগৰ, ১১ ছেপ্টেম্বৰ: দুই পৰিচালনা কমিটীৰ যুঁজত এতিয়া পীৰ চাহেবৰ সমাধিৰ পুতৌ লগা অৱস্থা(Dilapidated Dargah of Azaan Pir in Sivasagar)।'হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান' শীর্ষক কালজয়ী জিকিৰ-জাৰী সৃষ্টিৰে সমন্বয়ৰ বৰভেটি গঢ়ি থৈ যোৱা আজান পীৰ চাহেবৰ শিৱসাগৰৰ দিখৌমুখৰ শৰাগুৰি চাপৰিৰ(Sharaguri Chapri of Dikhaumukh in Sivasagar)সমাধিস্থলৰ অৱস্থা সম্প্ৰতি ধ্বংসৰ গৰাহত । উল্লেখ্য় যে আজান পীৰৰ দৰগাহ অসমৰ হিন্দু-মুছলমানৰ চিৰ যুগমীয়া সম্প্ৰীতিৰ প্ৰতীক । জিকিৰৰ জন্মদাতা আজান পীৰৰ স্মৃতিত নিৰ্মান কৰা এক মছজিদে আজিও সম্প্ৰীতিৰ কথাতেই প্ৰতিফলিত কৰে ।

দুই কমিটীৰ বাবেই আজান পীৰ দৰগাহৰ শোচনীয় অৱস্থা

উক্ত শৰাগুৰি চাপৰিৰ কাষত তেওঁৰ কবৰ আছে বুলি বিশ্বাস কৰি মুছলমান ধৰ্মাৱলম্বী লোকসকলে তেওঁক দৰ্শন কৰিবলৈ যায় । তেওঁৰ সমাধিস্থলটো হিন্দু-মুছলমানৰ মিলনভূমি । গোটেই বছৰজুৰি দিখৌমুখৰ ঘাটেদি তেওঁৰ দৰগাহলৈ অসংখ্য লোকৰ সমাগম হয় । ইয়াৰ পিছতো সামগ্রিক উন্নয়নৰ পৰিৱৰ্তে বিগত ৫ বছৰে দুখন পৰিচালনা সমিতিৰ মাজত চলি আছে যুঁজ । উন্নয়নৰ দিশটোৰ প্ৰতি পিঠি দিয়াৰ বাবেই খোদ পীৰ চাহেবগৰাকীৰ সমাধিস্থলীৰ মাৰ্বল,টাইল্‌ছ বখলা বখলে এৰাই যোৱাৰ ঘটনাই সুধী সমাজক মর্মাহত কৰিছে ।

উল্লেখ্য় যে দুখন কমিটীৰ যুঁজত দৰগাহৰ জৰাজীৰ্ণ অৱস্থাই স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে । ইতিমধ্যে দৰগাহস্থলীত উপস্থি হৈ চলোৱা অনুসন্ধানত স্পষ্ট হৈছে একাংশৰ ব্যক্তিগত স্বাৰ্থৰ বাবে আজানপীৰ চাহেবৰ দৰগাহেই হৈছে লুণ্ঠনৰ একমাত্ৰ সহজ উৎস । কেইগৰাকীমান আজানপীৰ চাহেবৰ একান্ত ভক্ত বুলি যহাই ফুৰা ব্যক্তিৰ ক্ষমতাৰ লোভৰ বাৰে পীৰগৰাকীৰ সমাধিক্ষেত্ৰ আজি এলাগী হৈ পৰিছে ।

আনহাতে,লক্ষ লক্ষ লোকৰ বাবে আশা, প্রাপ্তি,ভক্তি আৰু বিশ্বাসৰ সমাধিস্থলীৰ ছবি এবাৰ দেখিয়ে যিকোনো ভক্তৰেই চকু সেমেকি উঠিব । সমাধিৰ চৌপাশে লাগি থকা টাইলছ বহু দিনৰ পূৰ্বেই ধ্বংসস্তূপত পৰিণত হৈছে । এখন এখনকৈ এৰাইছে টাইল্‌ছ । দানপাত্ৰৰ দক্ষিণাৰ ধনত বাদে আন্তঃগাঁথনি,পৰিচৰ্যাৰ বিষয়টোলৈ পিঠি দিছে দুখন কমিটীয়ে । ফলত এৰাবাৰীলৈ গতি কৰা দৰগাহৰ চাফাই কর্মী,খাদিমে মাহ মাহ ধৰি দৰমহাৰপৰা বঞ্চিত হৈ থকাৰ অভিযোগ উঠিছে । দেশী-বিদেশী পর্যটকৰো আকৰ্ষণৰ কেন্দ্ৰবিন্দু আজানপীৰ দৰগাহৰ এই অৱস্থাত উদ্বিগ্ন ৰাইজ । উল্লেখ্য় যে স্থানীয় লোকে দুইখন কমিটীৰ ন্যায়ালয়ত চলি থকা গোচৰৰ ওপৰত ভিত্তি কৰি দুইখন কমিটীক নাকচ কৰি ন্যায়ালয়ক এখন সুস্থ সবল কমিটিীগঠন কৰা আহ্বান জনাইছে ।

লগতে পঢ়ক:ভগা ছিগা বাঁহৰ সাঁকোৰে অভিলেখ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.