শিৱসাগৰ, 5 জুন: কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ঘোষণা কৰা নিৰ্দেশনা অনুসৰি, আগন্তুক 8 জুনৰ পৰা নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে পুনৰ মুকলি হ'ব ধৰ্মীয় অনুষ্ঠান সমূহ ৷ এই ঘোষণা পাছতেই ধৰ্মীয় উপাসনাৰ স্থলী মন্দিৰ, মছজিদ, গীৰ্জা গৃহ আদিত ভক্ত প্ৰাণ ৰাইজৰ সম্ভাৱনাই উৎফুল্লিত কৰি তুলিছে আধ্যাত্মিক আস্থাত বিশ্বাসী জনগণক। সেইদৰে সংশ্লিষ্ট উপাসনাস্থলীৰ পৰিচালনা সমিতি সমূহেও ভক্ত প্ৰাণ ৰাইজে যাতে সকলো চৰকাৰী নীতি নিৰ্দেশনা মানি আৰাধ্য জনৰ উপাসনাত নিমজ্জিত হব পাৰে তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে ।
ইয়াৰ মাজতে শেহতীয়া কৰ'ণা মহামাৰীৰ ফলত তিনি মাহতকৈ অধিক কাল উপাসনা স্থলী বন্ধ ৰাখি পুনৰ মুকলি কৰিবলৈ প্ৰস্তুতি চলাই বহু উপাসনাস্থলীৰ পৰিচালনাৰ দায়িত্বত থকা ব্যক্তি আবেগিক হৈ পৰা দেখা গৈছে ।

উল্লেখ্য যে, অসম তথা দেশৰ বহু উপাসনা স্থলী এনেদৰে কোনো কালে বন্ধ হোৱাৰ নজিৰ নাই । পৰিচালনা সমিটিয়ে জনোৱ অনুসৰি ঐতিহাসিক শিৱ দ'ল, বিষ্ণু দ'ল আৰু দেৱী দ'লৰ দুৱাৰ অহা 8 জুনত পুনৰ ভক্তপ্ৰাণ ৰাইজৰ বাবে মুকলি হব । ঠিক তেনেদৰে উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম পুৰণি গীৰ্জা ঘৰ শিৱসাগৰ বেপ্টিষ্ট গীৰ্জা মণ্ডলীয়েও সকলো চৰকাৰী নীতি নিৰ্দেশনা মানি পুনৰ গীৰ্জাত ঈশ্বৰৰ প্ৰাৰ্থনাৰ বাবে সাজু হৈছে ।

লগতে মছজিদ সমূহো পুনৰ মুকলি কৰিবলৈ সাজু হোৱাত ইছলাম ধৰ্মালম্বী লোকসকলো উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে । অৱশ্যে আগৰদৰে মছজিদত সমাগম কৰিব নোৱাৰিলেও মছজিদত দিনে পাঁচ বাৰকৈ কৰি অহা উপাসনা পুনৰ তেওঁলোকে নিশ্চয় আৰম্ভ কৰিব পাৰিব ।
লগতে পঢ়কঃ গৌৰীসাগৰত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মান কৰা ঠিকাদাৰৰ বিৰুদ্ধে ব্যাপক অনিয়মৰ অভিযোগ