ETV Bharat / state

চালকে ম'বাইলত কথা পাতি থকাৰ বাবেই সংঘটিত হৈছিল ডিমৌৰ শোকাৱহ ট্ৰেভেলাৰ দূৰ্ঘটনা !

মুখ্য়মন্ত্ৰীৰ নিৰ্দেশত শিৱসাগৰৰ ডিমৌত সংঘটিত দুৰ্ঘটনাৰ তদন্ত আৰম্ভ পৰিবহণ আয়ুক্ত বীৰেন্দ্ৰ মিট্টালৰ

author img

By

Published : Sep 24, 2019, 5:00 PM IST

Updated : Sep 24, 2019, 6:33 PM IST

ডিমৌ দুৰ্ঘটনাৰ তদন্ত পৰিবহণ আয়ুক্তৰ

শিৱসাগৰ, 24 ছেপ্টেম্বৰ : শিৱসাগৰৰ ডিমৌত সংঘটিত ভয়াবহ দুৰ্ঘটনাৰ তদন্ত আৰম্ভ কৰিলে পৰিবহণ আয়ুক্ত বীৰেন্দ্ৰ মিট্টালে ৷ সোমবাৰে পুৱা শিৱসাগৰৰ ডিমৌ থাওৰা বাগানত সংঘটিত ভয়াবহ পথ দুৰ্ঘটনাত ৯ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৩ জন লোক গুৰুতৰ ভাৱে আহত হৈছিল ৷ থাওৰা দলৰ সমীপত গোলাঘাটৰ পৰা ডিব্ৰুগড় অভিমুখী এখন আলট্ৰা বাছ আৰু তিনিচুকীয়াৰ পৰা যোৰহাট অভিমুখী এখন ট্ৰেভেলাৰৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হৈছিল এই ভয়াবহ পথ দুৰ্ঘটনা । এই ঘটনাৰ পাছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছিল পৰিবহণ আয়ুক্ত বীৰেন্দ্ৰ মিট্টালক ।

সেইসূত্ৰে আয়ুক্ত বীৰেন্দ্ৰ মিট্টালে শিৱসাগৰ জিলাৰ উপায়ুক্ত ড' লক্ষ্মণন এছ আৰু শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিন্হাৰ সৈতে ডিমৌত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে পৰিস্থিতি পৰ্যৱেক্ষণ কৰে ৷ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰা লোকৰ সৈতে মিলিত হৈ আয়ুক্ত গৰাকীয়ে ঘটনাৰ কাৰণ সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰে । অতি সোনকালে অনুসন্ধানৰ প্ৰতিবেদন দাখিল কৰিবলগীয়া আয়ুক্ত গৰাকীয়ে কয় যে, সোমবাৰৰ দুৰ্ঘটনা প্ৰতিকুল বতৰ, অত্যাধিক গতি আৰু চালকে মবাইলত কথা পাতি যোৱাৰ বাবে সংঘটিত হৈছিল বুলি ধাৰণা কৰিছে ৷ বাহন চলোৱাৰ সময়ত মানিবলগীয়া নিয়ম মানি নচলাৰ বাবেই এনে ঘটনা সংঘটিত হয় বুলি আয়ুক্ত জনে উল্লেখ কৰে ৷ লগতে আয়ুক্তজনে কয় যে, যানবাহন আইন পালন আৰু সুস্থ মানবীয় আচৰণে এনে সমূহ বিপৰ্যয় ৰোধ কৰিব পৰা যায় ৷ আনহাতে শিৱসাগৰ জিলা উপায়ুক্তৰ সভাক্ষত বিভিন্ন চৰকাৰী বিভাগ, স্বেচ্ছাসেৱী সংগঠন, মটৰ পৰিবহণ সংস্থা আদিৰ সৈতে মিলিত হৈ পথ দুৰ্ঘটনা কিদৰে ৰোধ কৰিব পাৰি সেই সন্দৰ্ভত বিশদ আলোচনা চলায় আয়ুক্ত গৰাকীয়ে ৷

Intro:Body:*শিৱসাগৰৰ ডিমৌত কালি সংঘটিত ভয়াবহ দুৰ্ঘটনাৰ তদন্ত আৰম্ভ কৰিলে পৰিবহণ আয়ুক্ত বীৰেন্দ্ৰ মিট্টালে*

Story-ACCIDENT_ENQUARY
Ananta Smith
Sivasagar
24th September

A_SVR_24TH_SEP_809-812_ACCIDENT_ENQUARY_7203499

সোমবাৰে পুৱা শিৱসাগৰৰ ডিমৌ থাওৰা বাগানত সংঘটিত ভয়াবহ পথ দুৰ্ঘটনাত ৯ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৩ জন লোক গুৰুত্বৰ ভাৱে আহত হৈছিল।থাওৰা দলৰ সমীপত গোলাঘাটৰ পৰা ডিব্ৰুগড় অভিমুখী এখন আলট্ৰা বাছ আৰু তিনিচুকীয়াৰ পৰা যোৰহাট অভিমুখী এখন ট্ৰেভেলাৰৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষৰ ফলত সৃষ্টি হৈছিল এনে ভয়াবহ পৰিস্থিতিৰ।

ঘটনাৰ পাছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছিল পৰিবহণ আয়ুক্ত বীৰেন্দ্ৰ মিট্টালক।

সেইসূত্ৰে আজি আয়ুক্ত বীৰেন্দ্ৰ মিট্টালে শিৱসাগৰ জিলাৰ উপায়ুক্ত ড০ লক্ষ্মণন এছ আৰু শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহা সহিত ডিমৌত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে পৰিস্থিতি পৰ্যৱেক্ষণ কৰে।

দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰা লোকৰ সৈতে মিলিত হৈ আয়ুক্ত গৰাকীয়ে ঘটনাৰ কাৰণ সন্দৰ্ভে অনুসন্ধান কৰে।অতি সোনকালে অনুসন্ধানৰ প্ৰতিবেদন দাখিল কৰিবলগীয়া আয়ুক্ত গৰাকীয়ে কয় যে কালিৰ দুৰ্ঘটনা প্ৰতিকুল বতৰ,অত্যাধিক গতি আৰু চালকে মবাইলত কথা পাতি যোৱাৰ বাবে সংঘটিত হৈছিল বুলি ধাৰণা কৰা হৈছে।

বাহন চালনৰ সময়ত মানিব লগীয়া নিয়ম মানি নচলাৰ বাবেই এনে ঘটনা সংঘটিত হয় বুলি আয়ুক্ত জনে উল্লেখ কৰি কয় যে যানবাহন আইন পালন আৰু সুস্থ মানবীয় আচৰণে এনে সমূহ বিপৰ্যয় ৰোধ কৰিব পাৰ।

Bite-পৰিবহণ আয়ুক্ত

আনহাতে আজি আয়ুক্ত গৰাকীয়ে শিৱসাগৰ জিলা উপায়ুক্তৰ সভাক্ষত বিভিন্ন চৰকাৰী বিভাগ, স্বেচ্ছাসেৱী সংগঠন,মটৰ পৰিবহণ সংস্থা আদিৰ সৈতে মিলিত হৈ পথ দুৰ্ঘটনা কিদৰে ৰোধ কৰিব পাৰি সেই সন্দৰ্ভত আলোচনা কৰে।Conclusion:
Last Updated : Sep 24, 2019, 6:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.