ETV Bharat / state

সতী জয়মতীক স্মৰণ কৰি মৃত্যু দিৱস পালন - Death anniversary of Joymoti observed in Sivasagar

অসমৰ ইতিহাসৰ এক উল্লেখনীয় অধ্যায় সতী জয়মতীৰ ত্যাগ । ল'ৰা ৰজাৰ কুশাসনৰ পৰা দেশক মুক্ত কৰিবৰ বাবে যুগে যুগে স্মৰণীয় সতী জয়মতী । এই দিনটোতেই অকথ্য নিৰ্যাতন সহ্য কৰি প্ৰাণ ত্যাগ কৰিছিল সতী জয়মতীয়ে । আজি সতী জয়মতীৰ ৩৪২ সংখ্যক মৃত্যুদিৱস (Death anniversary of Joymoti) ।

342nd Death anniversery of Jayamati observed in Sivasagar
সতী জয়মতীক স্মৰণ কৰি মৃত্যু দিৱস পালন
author img

By

Published : Mar 28, 2022, 10:01 PM IST

শিৱসাগৰ,২৮ মাৰ্চ: অসমৰ ইতিহাসৰ এক উল্লেখনীয় অধ্যায় সতী জয়মতীৰ ত্যাগ । ল'ৰা ৰজাৰ কুশাসনৰ পৰা দেশ মুক্ত কৰিবৰ বাবে যুগে যুগে স্মৰণীয় সতী জয়মতী । এই দিনটোতেই অকথ্য নিৰ্যাতন সহ্য কৰি প্ৰাণ ত্যাগ কৰিছিল সতী জয়মতীয়ে । বিগত বৰ্ষসমূহৰ দৰে এইবাৰো সতী জয়মতীৰ ৩৪২ সংখ্যক মৃত্যুদিৱস পালন কৰা হৈছে ।

এইগৰাকী আহোম ৰমনীয়ে কোঁটকৰা গছত বান্ধ খাই, চাওদাঙৰ সৌকাৰ কোব পৰাৰ পাছতো দিয়া নাছিল গদাধৰৰ ঠিকনা । ল'ৰা ৰজাৰ অত্যাচাৰ সহি অৱশেষত প্ৰাণ ত্যাগ কৰি জয়মতীয়ে দেশপ্ৰেমৰ এক বিৰল গাঁথা ইতিহাসক দি থৈ গল ।

সতী জয়মতী কুঁৱৰীৰ ৩৪২ সংখ্যক মৃত্যু দিৱস পালন

মৃত্যুৰ ৩৪২ বছৰৰ পাছতো আজিও অসমৰ প্ৰেক্ষাপটত প্ৰাসংগিক জয়মতী । সেয়েহে সোমবাৰে আহোম সেনাৰ উদ্যোগত শিৱসাগৰৰ ঐতিহাসিক ফাকুৱা দ'লত সতী গৰাকীক স্মৰণ কৰি পালন কৰা হৈছে বানফি (Death anniversary of Joymoti observed in Sivasagar) । উপৰিপুৰুষৰ এই স্মৰণ অনুষ্ঠানত সতী গৰাকীক সোঁৱৰাৰ লগতে দেশ আৰু জাতিৰ প্ৰতি আগবঢ়াই যোৱা ত্যাগক শ্ৰদ্ধা প্ৰদৰ্শন কৰা হয় ।

সেইদৰে টাইপা, আহোম সেনা, আহোম জাতীয় মহাসভা আৰু সদৌ অসম আহোম সভাৰ উদ্যোগত জয়মতীৰ স্মৃতি বিজড়িত জয় দ'লত পালন কৰা হয় ফুৰালং । মুঠৰ ওপৰত সতী জয়মতীয়ে শেষনিশ্বাস ত্যাগ কৰা জয়সাগৰ পুখুৰীৰ পাৰত আজি জয়া দিৱসত সতী গৰাকীক স্মৰণ কৰাৰ লগতে শ্ৰদ্ধা জ্ঞাপন কৰা হয় ।

লগতে পঢ়ক: মূল্যবৃদ্ধিৰ বিৰুদ্ধে বঙাইগাঁৱত NSUI-ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.