আমগুৰি, ২৭ এপ্ৰিল: ৰাজ্যত কৰ'ণাৰ ভয়াৱহ সংক্ৰমণৰ মাজতে শিৱসাগৰৰ আমগুৰি মহাবিদ্যালয়ৰ উদ্যোগত বিশেষ সজাগতা সভাৰ আয়োজন কৰা হয় । কৰ'ণা সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ উদ্যেশ্যে দুলীয়াবস্তি অঞ্চলত এই বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।
মহাবিদ্যালয়খনৰ আই কিউ এ চি আৰু এন এচ এচ বিভাগৰ উদ্যোগত এই সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয় । সজাগতা কাৰ্যসূচীত আমগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ আছফিয়া চুলতানা, অধ্যাপক হিমান্ত বুঢ়াগোহাইকে ধৰি আই কিউ এ চি আৰু এন এচ এচ বিভাগৰ কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰে ।