ETV Bharat / state

পথ নিৰ্মাণৰ নামত লাখটকীয়া ফলক আঁৰিয়ে সামৰিলে দায়িত্ব

author img

By

Published : Aug 2, 2020, 11:12 AM IST

আমগুৰি উন্নয়ন খণ্ডৰ অন্তৰ্গত ভূঞাহাট গাঁও পঞ্চায়তত আঠ লাখ টকা ব্যয় সাপেক্ষে ফেভাৰ ব্লকেৰে নিৰ্মাণ কৰিবলৈ লোৱা হৈছিল এটা পথ ৷ কিন্তু পথ নিৰ্মাণৰ নামত ফলক আঁৰিয়ে দায়িত্ব সামৰিছে পঞ্চায়ত প্ৰতিনিধিয়ে ৷ উক্ত পথ নিৰ্মাণৰ বাবদ ২০১৭-১৮ বৰ্ষতে ধন আবণ্টিত হৈছিল যদিও আজি পৰ্যন্ত নিৰ্মাণ নহ’ল পথছোৱা ৷

Corruption in the banner of road repair amguri sivsagar assam etv bharat news
পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি

আমগুৰি,2 আগষ্ট : বিকশিত অসমৰ উন্নয়নৰ নমুনা প্ৰতিফলিত হৈছে শিৱসাগৰৰ আমগুৰিত ৷ আমগুৰি উন্নয়ন খণ্ডত পথ নিৰ্মাণৰ নামত সংঘটিত হৈছে ব্যাপক কেলেংকাৰী ৷ ঘটনাৰ বিৱৰণী অনুসৰি, আমগুৰি উন্নয়ন খণ্ডৰ অন্তৰ্গত ভূঞাহাট গাঁও পঞ্চায়তত আঠ লাখ টকা ব্যয় সাপেক্ষে ফেভাৰ ব্লকেৰে নিৰ্মাণ কৰিবলৈ লোৱা হৈছিল এটা পথ ৷ কিন্তু পথ নিৰ্মাণৰ নামত ফলক আঁৰিয়ে দায়িত্ব সামৰিছে পঞ্চায়ত প্ৰতিনিধিয়ে ৷ উক্ত পথ নিৰ্মাণৰ বাবদ ২০১৭-১৮ বৰ্ষতে ধন আ’ণ্টিত হৈছিল যদিও আজি পৰ্যন্ত নিৰ্মাণ নহ’ল পথছোৱা ৷

পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি

আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ পঞ্চায়ততে এই কাণ্ড সংঘটিত হোৱাত উপায়বিহীন স্থানীয় ৰাইজে দান-বৰঙণি তুলি মেৰামতি কৰে উক্ত পথ ৷ ৰাইজৰ এই কাৰ্যই উদঙাই দিছে অঞ্চলটোৰ উন্নয়নৰ প্ৰকৃত ছবিখন ৷ উল্লেখ্য যে, পথটিৰ বহু অংশত দ গাঁতৰ সৃষ্টি হোৱাত দীৰ্ঘদিনে জীয়াতু ভূগি আহিছে স্থানীয় ৰাইজে ৷ ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চেউনী আলি সংযোগী উক্ত পথটিৰ নামত আৱণ্টিত আঁচনিৰ কাম ফলকতে সীমাবদ্ধ থকাত ৰাইজে এনেদৰে নামি পৰে পথটিৰ নিৰ্মাণ কাৰ্যত ৷

লগতে চাওকঃ নৃত্যৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰিবলৈ বিষ্ণুক প্ৰয়োজন এধানি সহায়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.