ETV Bharat / state

আমগুৰিত চিকিৎসালয় নিৰ্মাণত ব্য়াপক দুৰ্নীতি - আদৰ্শ চিকিৎসালয়

ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাক নিৰ্মিয়মাণ চিকিৎসালয়খন পৰিদৰ্শনৰ লগতে স্বাস্থ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী তুলি দোষী বিষয়া-ঠিকাদাৰ কৰ্মচাৰীৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে দাবী উত্থাপন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷

Corruption in hospital construction at amguri
আমগুৰিত চিকিৎসালয় নিৰ্মাণত ব্য়াপক দুৰ্নীতি
author img

By

Published : May 19, 2020, 4:39 PM IST

আমগুৰি,19মে':ৰাজ্যৰ স্বাস্থ্য বিভাগত সংঘটিত হৈছে আজৱ কাণ্ড ৷ নিৰ্মিয়মান অৱস্থাতে চিৰাল ফাঁট দিছে আদৰ্শ চিকিৎসালয়ত ৷ এই ঘটনা সংঘটিত হৈছে শিৱসাগৰ জিলাৰ আমগুৰি ৰামুঙীয়াত৷ জানিব পৰা মতে,যোৱা 5টা বছৰেই নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা নাই আমগুৰি ৰামুঙীয়াত থকা চামগুৰি আদৰ্শ চিকিৎসালয়খন৷ কিন্তু চিকিৎসালয়খনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠাৰ আগতেই পকী বেৰ সমূহত চিৰাল ফাঁট দিবলৈ আৰম্ভ কৰিছে ৷

আমগুৰিত চিকিৎসালয় নিৰ্মাণত ব্য়াপক দুৰ্নীতি

ইপিনে এই ঘটনা সন্দৰ্ভত জাঙুৰ খাই পৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি৷ সমিতিৰ অভিযোগ চিকিৎসালয়ৰ নিৰ্মাণত স্বাস্থ্য বিভাগত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷ এইক্ষেত্ৰত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাক নিৰ্মিয়মাণ চিকিৎসালয়খন পৰিদৰ্শনৰ লগতে স্বাস্থ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী তুলি দোষী বিষয়া-ঠিকাদাৰ কৰ্মচাৰীৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে দাবী উত্থাপন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷

Corruption in hospital construction at amguri
আমগুৰিত চিকিৎসালয় নিৰ্মাণত ব্য়াপক দুৰ্নীতি

উল্লেখ্য যে, মানৱ জ্যোতি গগৈ নামৰ ঠিকাদাৰজনে ৫ কোটি ব্যয়েৰে নিৰ্মাণ কাৰ্য চলোৱা চিকিৎসালয়খনত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ পূৰ্বৰে পৰা উত্থাপিত হৈ আহিছিল ৷ইপিনে,নিৰ্মিয়মাণ অৱস্থাতে চিকিৎসালয়ৰ পকী বেৰসমূহৰ বিভিন্ন স্থানত চিৰালফাঁট দিয়া ঘটনাই এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আমগুৰিত।

লগতে পঢ়কঃৰাজ্যত কৰ'ণা আক্ৰান্তৰ সংখ্যা 135 জনলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.