ETV Bharat / state

Assam CM's family Land Scam : মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীক লৈ পুনৰ সৰৱ কংগ্ৰেছ - হিমন্ত বিশ্ব শৰ্মাৰ পত্নী আৰু পুত্ৰৰ ভূমি কেলেংকাৰী

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীক লৈ সমগ্ৰ অসমতে তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে । ইয়াৰ মাজতে পুনৰ জাঙুৰ খাই উঠিছে বিৰোধী কংগ্ৰেছ (Congress reacts to CM's family land scam) । শিৱসাগৰৰ ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰি পুনৰ এই কেলেংকাৰীৰ তদন্তৰ দাবী জনালে কংগ্ৰেছ দলে ।

Assam CMs family Land scam
মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীকলৈ পুনৰ সৰৱ কংগ্ৰেছ
author img

By

Published : Jan 18, 2022, 7:34 PM IST

শিৱসাগৰ, ১৮ জানুৱাৰী : শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী আৰু পুত্ৰৰ ভূমি কেলেংকাৰীৰ বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে । বিভিন্ন দল, সংগঠনে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে প্ৰতিবাদ কৰাও দেখা গৈছে । ইয়াৰ মাজতে শিৱসাগৰত কংগ্ৰেছ দলে ভূমি কেলেংকাৰীক লৈ পুনৰ সৰৱ হৈ পৰে (Congress reacts to CM's family land scam) । শিৱসাগৰ নগৰৰ ৰাজীৱ ভৱনত আয়োজিত সংবাদমেলত দলটোৱে এই কেলেংকাৰীৰ উচিত তদন্ত দাবী কৰে ।

অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ মুখপাত্ৰ মনোৰঞ্জন কোঁৱৰে এনে ভূমি কেলেংকাৰী সন্দৰ্ভত ভূমি আইনৰ ভিত্তিত মুখ্যমন্ত্ৰীৰ পত্নী মালিকাধীন কোম্পানীৰ এই ভূমি আৱণ্টন সম্পূৰ্ণ অবৈধ বুলি উল্লেখ কৰি ইয়াৰ নৈতিক দায়িত্ব মুখ্যমন্ত্ৰী গৰাকীয়ে স্বীকাৰ কৰা উচিত বুলি দাবী কৰে । প্ৰায় এমাহৰ পূৰ্বে এক ৱেব মিডিয়াৰ জৰিয়তে এনে কেলেংকাৰী পোহৰলৈ অহাৰ পাছত কংগ্ৰেছ দলে অসমৰ ৰাজ্যপালক অৱগত কৰি এক নিৰপেক্ষ তদন্তৰ দাবী কৰিছিল যদিও আজি পৰ্যন্ত কোনো ফলাফল নোলাল ।

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীক লৈ পুনৰ সৰৱ কংগ্ৰেছ

কংগ্ৰেছ নেতাগৰাকীৰ মতে এতিয়া অসমৰ ৰাইজে ভাবিবলৈ বাধ্য হৈছে যে শাসকীয় পক্ষ আৰু সাধাৰণ ৰাইজৰ বাবে আইন বেলেগ বেলেগ । যি সময়ত সমগ্ৰ অসমত এনে কেলেংকাৰীৰ বিৰুদ্ধে ৰাইজ সৰৱ হৈ উঠিছে সেই সময়ত কেৱল শাসকীয় পক্ষৰ হোৱাৰ বাবেই মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ।

আনহাতে এনে কেলেংকাৰীক লৈ কংগ্ৰেছ দলে পৰৱৰ্তী সময়ত এক স্বাৰ্থজড়িত গোচৰ তৰাৰ লগতে উচ্চতম ন্যায়ালয়তো এক ন্যায়িক গোচৰ তৰিব বুলিও সদৰী কৰে নেতাগৰাকীয়ে । ইয়াৰ সমান্তৰালভাৱে এই ভূমি কেলেংকাৰীক কেন্দ্ৰ কৰি কংগ্ৰেছ দলে সমগ্ৰ ৰাজ্যত এক জনসচেতন কাৰ্যসূচী ৰূপায়ণ কৰিব বুলিও সংবাদ মেলত জানিবলৈ কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে দিয়ে ।

লগতে পঢ়ক : FMRSI Announced Strike : 19 জানুৱাৰীত FMRSI ৰ এদিনীয়া সৰ্বভাৰতীয় ধৰ্মঘট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.