ETV Bharat / state

শিৱসাগৰত কংগ্ৰেছ প্ৰাৰ্থী শুভ্ৰমিত্ৰ গগৈৰ মনোনয়ন দাখিল

মঙলবাৰে মনোনয়ন দাখিল কৰিলে ১০৮ নং শিৱসাগৰ বিধান সভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শুভ্ৰমিত্ৰ গগৈয়ে ৷ ইতিমধ্যে সমষ্টিটোৰ পৰা ৰাইজৰ দলৰ হৈ অখিল গগৈ আৰু বিজেপি দলৰ হৈ সুৰভী ৰাজকুঁৱৰীয়েও দাকিল কৰিছে মনোনয়ন ৷

AS_SVR_congress-candidate-subhamitra-gogoi-submits-nomination_img_AS10042
শিৱসাগৰত কংগ্ৰেছ প্ৰাৰ্থী শুভ্ৰমিত্ৰ গগৈৰ মনোনয়ন দাখিল
author img

By

Published : Mar 9, 2021, 1:42 PM IST

শিৱসাগৰ, 9 মাৰ্চ: মঙলবাৰে মনোনয়ন দাখিল কৰিলে ১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শুভ্ৰমিত্ৰ গগৈয়ে ৷ শিৱসাগৰৰ বৰ্ডিং খেল পথাৰৰ পৰা প্ৰায় 3 সহস্ৰাধিক সমৰ্থকৰ সমদল উলিয়াই নিৰ্বাচনী বিষয়াৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে কংগ্ৰছে প্ৰাৰ্থী গৰাকীয়ে ৷

সমষ্টোৰ পৰা এইবেলি তেওঁৰ বিজয় নিশ্চিত বুলি মন্তব্য কৰি গগৈয়ে কয়, কংগ্ৰেছৰ পক্ষত ৰাইজৰ উৎসাহ দেখি বিৰোধী ধূলিসাৎ হোৱাৰ অনুমান কৰিব পাৰি ৷ বিগত সময়ছোৱাত বিজেপি চৰকাৰখনে ৰাইজৰ সমস্যাসমূহ সমাধান কৰাত ব্যৰ্থ হৈছে যাৰ বাবে সাধাৰণ ৰাইজ বিজেপি বিৰোধী হোৱা বুলিও মন্তব্য কৰে গগৈয়ে ৷

উল্লেখ্য যে, ইতিমধ্যে সমষ্টিটোৰ পৰা ৰাইজৰ দলৰ হৈ অখিল গগৈ আৰু বিজেপি দলৰ হৈ সুৰভী ৰাজকুঁৱৰীয়ে মনোনয়ন দাখিল কৰিছে ৷ এনে প্ৰেক্ষাপটত ১০৮ নং শিৱসাগৰ সমষ্টিত এইবেলি নিৰ্বাচনী যুঁজ আকৰ্ষণীয় হৈ উঠিব বুলি সহজে অনুমান কৰিব পৰা গৈছে ৷

লগতে পঢ়ক-৩৬ বছৰ সেৱা আগবঢ়াই কংগ্ৰেছ এৰিলে কল্যাণ গগৈয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.