ETV Bharat / state

পৰকীয়া প্ৰেমৰ বাবেই নিজ সন্তানক হত্যা এগৰাকী মাতৃৰ - সন্তানক হত্যা মাতৃৰ

কিমান নিষ্ঠুৰ হ’লে এগৰাকী মাতৃয়ে হত্যা কৰিব পাৰে নিজৰ সন্তানক ? শিৱসাগৰত পৰকীয়া প্ৰেমৰ বাবেই মাতৃয়ে প্ৰেমিকৰ সৈতে মিলি হত্যা কৰিলে 5 বছৰীয়া কন্যা সন্তানক ৷ ইতিমধ্যে মাতৃ আৰু প্ৰেমিকক আটক কৰিছে আৰক্ষীয়ে ৷

child-murdered-for-illegitimate-relation
নিজ সন্তানক হত্যা মাতৃৰ
author img

By

Published : Jun 7, 2021, 10:28 PM IST

শিৱসাগৰ,7 জুন : শিৱসাগৰৰ জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত হলগুৰিত দেওবাৰে পুৱা নিজৰ ঘৰৰ পুখুৰীত মৃত অৱস্থাত উদ্ধাৰ হৈছিল এটি 5 বছৰীয়া কন্যা শিশু ৷ পুৱাৰ ভাগত আইতাকে শোৱাৰ পৰা উঠি পুখুৰীত ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰিছিল শিশুটিৰ মৃতদেহ । ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাচতে আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে শিশুটিৰ নিৰুদিষ্ট মাতৃৰ সন্ধানত পুখুৰীত অভিযান চলায় যদিও পুখুৰীত মাতৃগৰাকীক নাপালে আৰক্ষীয়ে ।

ইফালে নিজ মাতৃয়েই কন্যাক হত্যা কৰি পুখুৰীত পেলাই থোৱাৰ সন্দেহ প্ৰকাশ কৰিছিল পৰিয়ালৰ লোকে । অৱশেষত দেওবাৰৰ দিনটোতেই নাজিৰাৰ সমীপত জয়সাগৰ আৰক্ষীয়ে নিৰুদিষ্ট মাতৃক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷ শেহতায়াকৈ আৰক্ষীৰ তদন্ত আৰু মাতৃৰ স্বীকাৰোক্তিৰ ভিত্তিত পোহৰলৈ আহিল এক ভয়ংকৰ তথ্য । পৰকীয়া প্ৰেমৰ বাবে মাতৃয়ে প্ৰেমিকৰ সৈতে মিলি হত্যা কৰিছিল পাঁচ বছৰীয়া কণমানিজনীক ।

আৰক্ষী অধীক্ষকৰ ভাষ্য

ঘটনা সংঘটিত হোৱাৰ 10 ঘণ্টাৰ পাচতে জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰৌছনে কয় যে, জোনালী নাথ আৰু পৱিত্ৰ শইকীয়া নামৰ এজন লোকৰ মাজত হোৱা অবৈধ সম্পৰ্ক থকাৰ বাবেই প্ৰেমিকৰ সৈতে মিলি নিজ সন্তানক পুখুৰীত দলিয়াই হত্যা কৰিছিল । আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে কয় যে, জোনালী আৰু পৱিত্ৰৰ মাজত বিগত তিনিমাহৰ পৰা অবৈধ সম্পৰ্ক চলি থকাৰ লগতে শাৰিৰীক সম্পৰ্ক স্থাপন হৈছিল । 5 জুন তাৰিখে নিশা অসংযত অৱস্থাত মাক আৰু প্ৰেমিকক প্ৰত্যক্ষ কৰাৰ বাবে পৰকীয়া প্ৰেম ফাদিল হোৱাৰ ভয়ত মাতৃ আৰু প্ৰেমিকে মিলি কণমানিজনীক হত্যা কৰে ৷

ইতিমধ্যে ঘটনাৰ সৈতে জড়িত অন্যতম অভিযুক্ত পৱিত্ৰ শইকীয়া আৰু মৃত কণমানিৰ মাতৃক আৰক্ষীয়ে ইতিমধ্যে আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে । তদুপৰি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ।

লগতে পঢ়ক : অৰুণাচলত দুষ্প্ৰাপ্য ককলাছ ফিজেন্ট পক্ষীৰ সন্ধান লাভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.