ETV Bharat / state

শিৱসাগৰত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী সোণোৱালৰ - পলাশনি

শিৱসাগৰৰ পলাশনিত অনুষ্ঠিত হোৱা এখন নির্বাচনী প্ৰচাৰ সভাত সোমবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে এইবাৰ নিৰ্বাচনত বিজেপিক জয় যুক্ত কৰাৰ বাবে আহ্বান জনায় ৷ এই সভাত উপস্থিত থাকে দলটোৰ বহু নেতা-কৰ্মী ৷

শিৱসাগৰত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

author img

By

Published : Mar 22, 2021, 9:44 PM IST

কলিয়াবৰ,22 মাৰ্চ: কলিয়াবৰত এতিয়া বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা ৷ সোমবাৰে শিৱসাগৰৰ পলাশনিত এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে শিৱসাগৰৰ বিজেপিৰ মনোনয়ন প্ৰাৰ্থী সুৰভী ৰাজকুঁৱৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷ জিলাখনৰ পলাশনি খেলপথাৰত অনুষ্ঠিত হোৱা এখন জনসভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । উক্ত জনসভাত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, ছত্তিশগড়ৰ বিজেপিৰ প্ৰভাৰী ভাৰত মতীহাৰা, অ’বিচি মৰ্চাৰ ৰাজ্যিক সভাপতি বিতুপন ৰাইদঙীয়া, ক্ৰীড়া বিভাগৰ ৰাজ্যিক আহ্বায়ক বিজিত গগৈ, কিষাণ মৰ্চাৰ সম্পাদক মানস সন্দিকৈ, জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভানেত্ৰী পুতুল গগৈৰ লগতে বিজেপি দলৰ কেইবাগৰাকীও নেতা উপস্থিত থাকে । আদৰণি ভাষণত তপন কুমাৰ গগৈয়ে কয় যে, অসমত বিজেপিৰ চৰকাৰ গঠন হ'ব । বিজেপি চৰকাৰ গঠন হোৱাত কোনেও বাধা দিব নোৱাৰে বুলি মুখ্য়মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে ৷

শিৱসাগৰত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

জিলাখনৰ বিজেপিৰ প্ৰাৰ্থী সুৰভী ৰাজকুঁৱৰীয়ে উক্ত নির্বাচনী সভাত সমষ্টিৰ বাবে উন্নয়নৰ বাবে শিৱসাগৰত এখন মেডিকেল কলেজ, এখন ইঞ্জিনিয়াৰিং কলেজৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তত অস্থায়ীভাৱে বসবাস কৰি থকা দৰিদ্র পৰিয়ালসমূহক মাটিৰ ম্যাদী পট্টা প্ৰদান কৰাৰ বিষয়ে অৱগত কৰে । ভাষণ প্ৰসংগত প্রার্থী গৰাকীয়ে কয় যে, বিজেপি চৰকাৰৰ অবিহনে ই কেতিয়াও সম্ভৱ হৈ নুঠে । ইয়াৰ বাবে ৰাইজে বিজেপিক বিপুল ভোটত জয়ী কৰিব লাগিব ।

উক্ত সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাইজক উদ্দেশ্যে কয় যে- "বিজেপি চৰকাৰে টকা দিলেহে চাকৰি পোৱা পৰম্পৰা ইতিমধ্যে নাইকিয়া কৰিলে । বিজেপি চৰকাৰ থকালৈকে মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰীসকলে এক পইচা নিদিয়াকৈয়ে চৰকাৰী চাকৰি পাবলৈ সক্ষম হ'ব । বিজেপি চৰকাৰৰ দিনত অসমত কোনো দালালৰ স্থান নাই । অসমৰ বুকুত সন্ত্ৰাসবাদৰ কাৰ্য-কলাপ নাইকিয়া হ'ল বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে অভিহিত কৰে । সন্ত্ৰাসবাদৰ বিৰুদ্ধে কাৰ্যপন্থা গ্ৰহণৰ কৰি প্ৰায় ৭ হাজাৰ যুৱকক মুকলি আকাশলৈ অনা হ'ল বুলি মন্তব্য কৰাৰ লগতে বিজেপি চৰকাৰৰ দিনত অভয়াৰণ্যসমূহত জীৱ জন্তুৰ সংখ্যা বৃদ্ধি পালে বুলি মন্তব্য কৰে । মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ''বিজেপি চৰকাৰৰ দিনত পৰিৱেশ সজাগতা লৈ লক্ষ্য ৰাখি অসমত ১০ কোটি গছপুলি ৰোপণ কৰা হ'ল, বিজেপি চৰকাৰৰ দিনত ১৯ হাজাৰ কিল’মিটাৰ পথ পকীকৰণ কৰা হ'ল আৰু ১ হাজাৰ কাঠৰ দলং পকীকৰণ কৰা হ'ল । অসমৰ ঐতিহ্য সংৰক্ষণ কৰাৰ ক্ষেত্ৰত বিজেপি চৰকাৰে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে । অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সদ্ভাৱনা তৈয়াৰ কৰিছে । ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পদুম ফুলৰ চিনত ভোট দান কৰি সুৰভী ৰাজকুঁৱৰীক জয়যুক্ত কৰিবলৈ আহ্বান জনায় ৷

অন্য এক খবৰৰ বাবে: কলিয়াবৰত কেশৱ মহন্তৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.