মৰাণ, 29 মে’ : ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে ড্ৰাগছৰ লগতে অন্য নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ ৷ লগতে আৰক্ষীয়ে বিভিন্ন স্থানৰ পৰা বহু ড্ৰাগছ সৰবৰাহকাৰীকো আটক কৰিছে ৷
![Charaideo Police arrested one woman with drugs](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8029to8033-charaideopolicearrestedonewomanwithdrugs-as10031_29052021193706_2905f_1622297226_139.jpg)
শনিবাৰে চৰাইদেউ জিলাৰ অসম নাগালেণ্ড সীমান্তৰ চিংফাঙত চৰাইদেউ আৰক্ষীয়ে অভিযান চলাই লাভ কৰিছে বৃহৎ সফলতা । এগৰাকী মহিলাৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছসহ প্ৰায় দুই লাখ ৭০ হাজাৰ টকা জব্দ কৰিছে চৰাইদেউ আৰক্ষীয়ে ।
সম্প্ৰতি চৰাইদেউ জিলাৰ অন্তৰ্গত মথুৰাপুৰ আৰক্ষী থানাত জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিং সহ উচ্চ পদস্থ আৰক্ষী বিষয়াই আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী মহিলা গৰাকীক মাৰাথান জেৰা অব্যাহত ৰাখিছে ।
লগতে পঢ়ক : পৰেশ বৰুৱাৰে ইটিভি ভাৰতৰ Exclusive সাক্ষাৎকাৰ...