ETV Bharat / state

ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক মনোজ গগৈৰ বিৰুদ্ধে গোচৰ

author img

By

Published : Oct 12, 2020, 7:58 AM IST

37 নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক আগচি ধৰি ভয়-ভাবুকি প্ৰদান কৰাৰ লগতে অশ্লীল গালি-গালাজ কৰাৰ অভিযোগত নেতাগৰাকীৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ ৷

Case registered against convener of "Raijor Dol" Mr. Monoj Gogoi
ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক মনোজ গগৈৰ বিৰুদ্ধে গোচৰ

আমগুৰি, 12 অক্টোবৰ : গৌৰীসাগৰ আৰক্ষী থানাত সদ্য গঠিত ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক মনোজ গগৈৰ বিৰুদ্ধে গোচৰ ৰুজু ৷ দেওবাৰে নিশা গৌৰীসাগৰ থানাৰ এলেকাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত AS 25 CC-১০৮৪ নম্বৰৰ ট্ৰাক এখন আগচি ধৰি ভয়-ভাবুকি প্ৰদান কৰাৰ লগতে অশ্লীল গালি-গালাজ কৰাৰ অভিযোগত নেতা গৰাকীৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ ৷ ঘটনা সন্দৰ্ভত নিশাই নেতাজনক আটক কৰে গৌৰীসাগৰ আৰক্ষীয়ে ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে জামিনত মুকলি কৰি মনোজ গগৈসহ আটক হোৱা আন তিনি গৰাকী অভিযুক্তক ৷

Case registered against convener of
ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক মনোজ গগৈ সহ 3 গৰাকীক আটক

উল্লেখ্য যে, নিশা প্ৰায় 12:30 বজাত ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক মনোজ গগৈৰ লগতে উদ্দিপ্ত বড়া, পৰাগ বৰগোঁহাই আৰু বিদ্যুত চেতিয়াই গৌৰীসাগৰ থানাৰ এলেকাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত উক্ত ট্ৰাকখন আগচি ধৰি ভয়-ভাবুকি আৰু অশ্লীল গালি-গালাজ কৰা বুলি গৌৰীসাগৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে অভিযোগকাৰীয়ে ৷ এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ড বিধিৰ 341/294/506/34 ধাৰাৰ অধীনত 93/20 নম্বৰৰ গোচৰ ৰুজু কৰে আৰক্ষীয়ে ৷ ইয়াৰ পাছত নিশাই ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক মনোজ গগৈৰ লগতে উদ্দিপ্ত বড়া, পৰাগ বৰগোহাই, বিদ্যুত চেতিয়াক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে জামিনত মুকলি কৰি দিয়ে আটাইকেইজন অভিযুক্তক ৷ উল্লেখ্য যে, ধৃত মনোজ গগৈ অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ প্ৰতিষ্ঠাপক সভাপতি ৷

লগতে পঢ়কঃ ফ্ৰান্স অপেন জয়েৰে কেৰিয়াৰৰ 20 সংখ্যক গ্ৰেণ্ড শ্লামত উপনীত নাডাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.