ETV Bharat / state

পিস্তল দেখুৱাই ব্যৱসায়ীক হত্যাৰ ভাবুকি

author img

By

Published : Sep 19, 2020, 5:01 AM IST

মিছাজান ধাদুমীয়া গাঁৱত ব্যৱসায়ীক গুলীয়াই মৰাৰ ভাবুকি ৷ ব্যৱসায়িক সংঘাতৰ কাৰণে উক্ত ঘটনা সংঘটিত হৈছে । ঘটনা সন্দৰ্ভত হোজাইৰ নীলবাগানৰ হবিবুৰ ৰহমানে ধাদুমীয়া গাঁৱৰ মবিদুল আলীৰ বিৰুদ্ধে নামতি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।

namti crime
পিস্তল দেখুৱাই ব্যৱসায়ীক হত্যাৰ ভাবুকি

আমগুৰি 18 ছেপ্টেম্বৰ : শিৱসাগৰৰ নামতি মিছাজানত ব্যৱসায়ীক গুলীয়াই মৰাৰ ভাবুকি ৷ মিছাজান ধাদুমীয়া গাঁৱত শুকুৰবাৰে সন্ধিয়া সংঘটিত হৈছে এই ঘটনা ৷ হোজাইৰ নীলবাগানৰ হবিবুৰ ৰহমানক ধাদুমীয়া গাঁৱৰ মবিদুল আলীয়ে বুকুত প্ৰহাৰ কৰাৰ লগতে ককালৰ পৰা পিস্তল উলিয়াই গুলীয়াই মৰাৰ ভাবুকি প্ৰদান কৰে ।

namti crime
অভিযুক্তৰ এজাহাৰ
ঘটনা সন্দৰ্ভত হোজাইৰ নীলবাগানৰ হবিবুৰ ৰহমানে ধাদুমীয়া গাঁৱৰ মবিদুল আলীৰ বিৰুদ্ধে নামতি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । এজাহাৰত মবিদুলৰ লগতে আবিদুল আলী, দাদুল আলী আৰু ইমাম আলীয়েও দা-লাঠি লৈ মাৰিবলৈ খেদি অহাৰ অভিযোগ উঠিছে । ব্যৱসায়িক সংঘাতৰ কাৰণে উক্ত ঘটনা সংঘটিত হৈছে ।
পিস্তল দেখুৱাই ব্যৱসায়ীক হত্যাৰ ভাবুকি

এজাহাৰত হোজাইৰ নীলবাগানৰ হবিবুৰ ৰহমানক ধাদুমীয়া গাঁৱৰ মবিদুল আলীয়ে ৬০ হাজাৰ টকা দিবলৈ থকা বুলি প্ৰকাশ । উক্ত টকা নিবলৈ মাতি মবিদুল আলীয়ে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে হবিবুৰ ৰহমানক । উক্ত ঘটনাই অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক : বৰপেটাত যুৱতীৰ সাঁচতীয়া ধন কাঢ়ি নিলে পকেটমাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.