ETV Bharat / state

BJP Leader Joined Congress : নাজিৰাত বিজেপি এৰি কংগ্ৰেছত যোগদান যুৱ মৰ্চাৰ নেত্ৰীৰ - BJP Yuva Marcha leader joined congress in Najira

নাজিৰা বিধানসভা সমষ্টিত বিজেপিত মোক্ষম আঘাত । বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ সমষ্টিত বিজেপি নেত্ৰীৰ কংগ্ৰেছত যোগদান । বিজেপি যুৱ মৰ্চাৰ জয়মতী মণ্ডলৰ উপ-সভাপতি জোনমণি বড়া আৰন্ধৰাৰ কংগ্ৰেছ যোগদান (BJP Yuva Marcha leader joined congress in Najira) ।

BJP Yuva Marcha leader joined congress
BJP Yuva Marcha leader joined congress in Najira
author img

By

Published : Mar 21, 2023, 1:18 PM IST

Updated : Mar 21, 2023, 2:52 PM IST

নাজিৰাত বিজেপি নেত্ৰীৰ কংগ্ৰেছত যোগদান

আমগুৰি, ২১ মাৰ্চ : দেশত এতিয়া লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি ক্ৰমান্বয়ে আগবাঢ়িছে (Lok Sabha election 2024) । শাসক-বিৰোধী সকলোৱে নিজস্ব ৰণকৌশল সৃষ্টিত ব্যস্ত । এই ক্ষেত্ৰত যথেষ্টখিনি আগবাঢ়ি আছে শাসকীয় দল বিজেপি (BJP prepartion for Lok Sabha election 2024) । কিন্তু তাৰ মাজতে ৰাজ্যত দেখা গৈছে বিজেপিৰ অন্তঃকলহ । বিজেপি চৰকাৰৰ শাসনৰ মাজতে শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিত খহনীয়া দেখিবলৈ পোৱা গৈছে শাসনাধিষ্ঠিত দলটোৰ মাজত (BJP leader resigned in Najira constituency) ।

বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ (opposition parties leader Devabrat Saikia) সমষ্টিত বিজেপি যুৱ মৰ্চাৰ জয়মতী মণ্ডলৰ উপ-সভাপতি জোনমণি বড়া আৰন্ধৰাই কংগ্ৰেছ দলত যোগদান কৰে । নাজিৰাত বিজেপিত খহনীয়াৰ সৃষ্টি কৰি কংগ্ৰেছ দলৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপিৰ পৰা কংগ্ৰেছ দলত যোগদান কৰে দোলাকাষৰীয়া গাঁও পঞ্চায়তৰ ১নং ৱাৰ্ডৰ ৱাৰ্ড সদস্যা জোনমণি বড়া আৰন্ধৰাই (BJP Yuva Marcha leader joined congress in Najira) ।

নাজিৰাৰ ৰাজীৱ ভৱনত বিজেপি কৰ্মীগৰাকীয়ে এক অনুষ্ঠানত আনুষ্ঠানিকভাৱে যোগদান কৰে কংগ্ৰেছ দলত । উল্লেখ্য, নাজিৰাত বিজেপিত সাংগঠনিক ভেটি মজবুত কৰিবলৈ বিজেপি দলটোৱে প্ৰচেষ্টা অব্যাহত ৰখাৰ মাজতে দোলাকাষৰীয়া গাঁও পঞ্চায়তৰ ১নং ৱাৰ্ডৰ ৱাৰ্ড সদস্যা জোনমণি বড়া আৰন্ধৰাই কংগ্ৰেছ দলত যোগদান কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ।

উল্লেখ্য যে, আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিয়ে অসমত লক্ষ্য নিৰ্ধাৰণ কৰিছে ১৪টা সমষ্টিৰ ভিতৰত ১২টা সমষ্টিতে বিজয় সাব্যস্ত কৰাৰ । তাৰ বাবে তৃণমূল পৰ্যায়ৰ পৰা ব্লুপ্ৰিণ্টো ৰচনা হৈছে । বিশেষকৈ কলিয়াবৰ, নগাঁও আৰু বৰপেটা সমষ্টিকেইটা যিকোনো প্ৰকাৰে কংগ্ৰেছৰ দখলৰ পৰা উদ্ধাৰ কৰিবলৈ বিজেপি উঠি-পৰি লাগিছে ।

কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা গৌৰৱ গগৈ, নগাঁও সমষ্টিৰ পৰা প্ৰদ্যুত বৰদলৈ আৰু বৰপেটা লোকসভা সমষ্টিৰ পৰা আব্দুল খালেকক এইবাৰ পৰাস্ত কৰিবৰ বাবে বিজেপিয়ে বিশেষ ৰণকৌশল গ্ৰহণ কৰাৰ কথাও চৰ্চা চলি আছে । তাৰ মাজতে নাজিৰা বিধানসভা সমষ্টিত বিজেপিৰ বিষয়ববীয়াই কংগ্ৰেছত যোগদান কৰাক লৈ এতিায় সমষ্টিটোত চৰ্চা চলিছে ।

লগতে পঢ়ক :Assam Budget 2023 : অখিল গগৈৰ মতে এইবাৰৰ বাজেট মুখ্যমন্ত্ৰীময়

Last Updated : Mar 21, 2023, 2:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.