শিৱসাগৰ,3 এপ্ৰিলঃ ঢোল-পেঁপাৰ মাতত মুখৰিত ৰংপুৰৰ আকাশ-বতাহ । উদুলি মুদুলি ৰংপুৰৰ চোতাল | স্বেচ্ছাসেৱী অনুষ্ঠান ঐক্যৰ উদ্যোগত কালীপ্ৰসাদ স্মৃতি ভৱন প্ৰাংগণত অনুষ্ঠিত হৈছে বিহুৰ কৰ্মশালা।
কৰ্মশালাখনত বিহুনাচ শিকিবলৈ, ঢোলত চাপৰ মাৰিবলৈ ওলাই আহিছে দুই শতাধিক কণ কণ শিশু।দ্বিতীয় বাৰৰ বাবে আয়োজিত এই কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰিছে বিহুৰাণী শিৰোশ্ৰী শইকীয়া আৰু বিহুৱা ভাস্কৰ শৰ্মাই ৷ কৰ্মশালাৰ জৰিয়তে বিহু সংস্কৃতিক নিভাঁজ ৰূপত শিকিবলৈ সুবিধা লাভ কৰিছে নতুন প্ৰজন্মই।