আমগুৰি, 20ফেব্ৰুৱাৰী: শিৱসাগৰ জিলাৰ নামতি চাৰিআলি জাতীয় বিদ্যা নিকেতনত ছাত্ৰ-ছাত্ৰীৰ কান্দোনৰ ৰোল ৷ আপোনজনক হেৰুৱাৰ দৰেই হিয়া ধাকুৰি কান্দিছে এই ছাত্ৰ-ছাত্ৰী সকলে । শোকত ভাগি পৰিছে ছাত্ৰ-ছাত্ৰীসকল ৷ কিয়নো শুকুৰবাৰে নামতি চাৰিআলি জাতীয় বিদ্যা নিকেতনত ২০২০-২১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী তথা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ আছিল বিদায় সভা ৷

সুদীৰ্ঘ ১২ বছৰ অধ্যয়ন কৰাৰ অন্তত নিজৰ বিদ্যালয়খন তথা আপোন শিক্ষক-শিক্ষয়িত্ৰী সকলক এৰি যোৱাৰ শোকত হিয়া ধাকুৰি কান্দিছে বিদ্যালয় ছাত্ৰ-ছাত্ৰী সকলে ৷ বিদায়ী ছাত্ৰ-ছাত্ৰী সকলৰ সমান্তৰাল ভাৱে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰী লগতে অভিভাৱক সকলো শোকত উচুপি উঠিল ৷
নামতি চাৰিআলি জাতীয় বিদ্যা নিকেতনৰ অধ্যক্ষ তথা শৈক্ষিক সঞ্চালক নৃপেন নেওগ আৰু মুখ্য সঞ্চালক অৰুণ চন্দ্ৰ কলিতাই বিদায় সভা অনুষ্ঠানত অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰী সকলক সুন্দৰ শৈক্ষিক ফলাফল প্ৰদৰ্শন কৰিবলৈ আৰ্শীবাদ দিয়াৰ লগতে ভৱিষ্যতে সু-নাগৰিক হ'বলৈ আহ্বান জনায় ৷
লগতে পঢ়কঃ মূল্যবৃদ্ধি ৰোধৰ প্ৰতিবাদত আছুৰ বিক্ষোভ কাৰ্যসূচী