শিৱসাগৰ,31 মাৰ্চঃ বিগত ২৮ মাৰ্চত শিৱসাগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে অখিল গগৈৰ জামিন মঞ্জুৰ কৰাৰ পাছত পুনৰ কৃষক নেতাজনক গ্ৰেপ্তাৰৰ বাবে সাজু হৈছে ডিব্ৰুগড় আৰক্ষী ৷ কৃষক মুক্তিৰ নেতাগৰাকীৰ বিৰুদ্ধে পূৰ্বে শিৱসাগৰ সদৰ থানাত ১৩৪৪/১৯ নম্বৰত এক গোচৰ পঞ্জীয়ন হৈছিল ৷ ১৯ মাৰ্চৰ পৰা সুদীৰ্ঘ দিন ধৰি শিৱসাগৰ জিলা কাৰাগাৰত বন্দী হৈ আছে অখিল গগৈ ৷
আনহাতে,চাবুৱা থানাত ৰুজু হোৱা ২৮৯/১৯ নং গোচৰত অখিলক গ্ৰেপ্তাৰৰ বাবে পুনৰ সাজু হৈ উঠিছে আৰক্ষী ৷ নেতাগৰাকীক গ্ৰেপ্তাৰৰ বাবে শিৱসাগৰ জিলা কাৰাগাৰৰ প্ৰৱেশদ্বাৰত মঙলবাৰে উপস্থিত হয় ডিব্ৰুগড় আৰক্ষী ৷ নামৰূপৰ মহকুমা আৰক্ষী বিষয়া কুলপ্ৰদীপ ভট্টাচাৰ্যৰ নেতৃত্বত এটা বৃহৎ আৰক্ষীৰ দল ইতিমধ্যে উপস্থিত হৈছে শিৱসাগৰত ৷ শিৱসাগৰৰ পৰা জামিন লাভ কৰি কাৰাগাৰৰ বাহিৰলৈ ওলালে পুনৰ গ্ৰেপ্তাৰ কৰা হ’ব কৃষক মুক্তিৰ নেতাগৰাকীক ৷ ইয়াৰ লগতে,গৌৰীসাগৰ সদৰ থানাত ৰুজু হৈ থকা ১৫৪/১৯ নম্বৰৰ আন এক গোচৰৰ জামিন আবেদন দাখিল কৰিছে অখিলৰ অধিবক্তাই ৷ মঙলবাৰে শিৱসাগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত চলি আছে উক্ত আবেদনৰ শুনানি ৷ গগৈৰ জামিন লাভৰ সম্ভাৱনা দেখি পুনৰ গ্ৰেপ্তাৰৰ বাবে সাজু হৈছে অসম আৰক্ষী ৷
লগতে চাওকঃ বৰপথাৰ আৰক্ষীৰ বিৰুদ্ধে ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ