ETV Bharat / state

Constituency delimitation: শিৱসাগৰত বিৰোধী ঐক্যৰ সংবাদমেল; সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে তৰিব গোচৰ - দেৱব্ৰত শইকীয়া

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা কোনো কাৰণতে মানি নলয় বিৰোধী ঐক্য মঞ্চই ৷ শিৱসাগৰত এক সংবাদমেলযোগে স্পষ্ট কৰে এই কথা ৷ ৰাষ্ট্ৰীয় বিৰোধী দলৰ নেতাসকলকো সাক্ষাৎ কৰিব অসমৰ বিৰোধী ঐক্য মঞ্চই ৷

Constituency delimitation
Constituency delimitation
author img

By

Published : Jun 30, 2023, 8:22 PM IST

শিৱসাগৰত বিৰোধী ঐক্যৰ সংবাদমেল

শিৱসাগৰ, 30 জুন: শিৱসাগৰ আৱৰ্ত ভৱনত শুকুৰবাৰে বিৰোধী ঐক্য মঞ্চই এক সংবাদমেল সম্বোধন কৰে ৷ ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত এই সংবাদমেল অনুষ্ঠিত কৰা হয় ৷

সংবাদমেলত বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই বিৰোধী ঐক্য মঞ্চৰ স্থিতি স্পষ্ট কৰি কয় যে বিভিন্ন কাৰণত এই সমষ্টি পুনৰ নিৰ্ধাৰণ কোনো কাৰণতে বিৰোধী ঐক্য মঞ্চই গ্ৰহণ নকৰে ৷ ঐক্য মঞ্চৰ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয় যে এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটো ৰাজনৈতিক দৃষ্টিকোণৰ পৰা প্ৰভাৱিত ৷ বিজেপি দলৰ ৰাজনৈতিক লাভৰ বাবে এই সমষ্টি নিৰ্ধাৰণ কৰা হৈছে ৷

উল্লেখ্য যে শুকুৰবাৰে শিৱসাগৰত সকলো বিৰোধী দলৰ লগতে জাতীয় দল-সংগঠন আৰু স্থানীয় ৰাইজে খচৰাৰ বিৰোধিতা কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ শিৱসাগৰৰ পোন্ধৰটা দল-সংগঠনে এই সন্দৰ্ভত নিজ নিজ আপত্তি আৰু বিৰোধ স্পষ্ট কৰি আৱৰ্ত ভৱনত অনুষ্ঠিত হোৱা এক বৈঠকত বিৰোধী ঐক্য মঞ্চক তেওঁলোকৰ স্মাৰক পত্ৰসমূহ প্ৰদান কৰে বুলিও লুৰীণজ্যোতি গগৈয়ে সদৰী কৰে ৷

আগন্তুক দিনত দিল্লীলৈ গৈ ঐক্য মঞ্চই ৰাষ্ট্ৰীয় বিৰোধী দলৰ নেতাসকলক সাক্ষাৎ কৰি এই সকলো বিষয় উত্থাপন কৰিব বুলিও তেওঁ উল্লেখ কৰে ৷ লগতে এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ন্যায়ালয়ত গোচৰ তৰিব বুলিও তেওঁ জানিবলৈ দিয়ে ৷

আনহাতে বৈঠকত সকলোৰে সহমতত সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা বিৰোধী ঐক্য মঞ্চই মানি নলয় বুলি এক প্ৰস্তাৱ গ্ৰহণ কৰে ৷ অৱশ্যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ দৰে সাংবিধানিক বিষয় এটাত ঐক্য মঞ্চৰ বিৰোধ নাই, কিন্তু অসমত হোৱা এই পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত বিৰোধ আছে বুলিও প্ৰস্তাৱত উল্লেখ কৰে ৷ সমগ্ৰ ভাৰতত যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ হৈ লোকসভা আৰু বিধানসভাসমূহৰ আসন বাঢ়িব তেতিয়া এই সমষ্টি পুনৰ নিৰ্ধাৰণ অসমত হওক বুলিও প্ৰস্তাৱত উল্লেখ কৰে ৷

লগতে পঢ়ক: Constituency delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণ বিৰুদ্ধে শিৱসাগৰত সকলো বিৰোধীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.