ETV Bharat / state

ছশ বছৰীয়া আহোম ৰাজত্বৰ স্বাক্ষৰ বহনকাৰী এখন গাঁও - আমগুৰি

তথাপিও যেন অৱহেলিত আহোমৰ ৰাজত্বকালৰ স্বৰ্ণিল ইতিহাসৰ সাক্ষী দেওধাই গাঁৱৰ এই সমলসমূহ ৷ ক্ৰমাৎ এলাগী হৈ অহা এই সম্পদ সমূহ উপযুক্তভাৱে সংৰক্ষণ কৰিবলৈ অথবা উদ্ধাৰৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই ৰাজ্যৰ পূৰাতত্ব বিভাগে ৷

ছশ বছৰীয়া আহোম ৰাজত্বৰ স্বাক্ষৰ বহনকাৰী এখন গাঁও
author img

By

Published : May 31, 2019, 4:35 PM IST

গাঁওখনত আছে আহোম ৰাজবংশৰ বহু ইতিহাসৰ স্বাক্ষৰ....প্ৰজন্মৰ পৰা প্ৰজন্মলৈ দেওধাই গাঁৱত সংৰক্ষিত হৈ আছে হস্তীবিদ্যাৰ্ণৱ,তালপাতৰ পুথি,সাঁচিপতীয়া পুথি,কাঠি বানচেং,বিষৰ মন্ত্ৰ পুথি লগতে সংৰক্ষিত হৈ আছে বহু ঐতিহাসিক সমল .... এই সন্দৰ্ভত চাওঁক এক প্ৰতিবেদন...

ছশ বছৰীয়া আহোম ৰাজত্বৰ স্বাক্ষৰ বহনকাৰী এখন গাঁও

গাঁওখনত আছে আহোম ৰাজবংশৰ বহু ইতিহাসৰ স্বাক্ষৰ....প্ৰজন্মৰ পৰা প্ৰজন্মলৈ দেওধাই গাঁৱত সংৰক্ষিত হৈ আছে হস্তীবিদ্যাৰ্ণৱ,তালপাতৰ পুথি,সাঁচিপতীয়া পুথি,কাঠি বানচেং,বিষৰ মন্ত্ৰ পুথি লগতে সংৰক্ষিত হৈ আছে বহু ঐতিহাসিক সমল .... এই সন্দৰ্ভত চাওঁক এক প্ৰতিবেদন...

ছশ বছৰীয়া আহোম ৰাজত্বৰ স্বাক্ষৰ বহনকাৰী এখন গাঁও
Intro:Body:Amguri Historical Charing Deodhai Gaon
Samiran Duarah
Amguri
31/5/2019

আমগুৰি ৩১ মে

আমগুৰিৰ এখন ঐতিহাসিক গাঁৱৰ নাম দেওধাই গাঁও। আমগুৰি নগৰৰ পৰা ৪ কি:মি: দূৰত্বত অৱস্থিত নগাআলিৰ কাষত থকা গাঁওখনত আছে আহোম ৰাজত্বৰ দিনৰ ঐতিহাসিক বহু আপুৰুগীয়া পুথি-পাঁজি।

ছশ বছৰীয়া আহোম ৰাজত্বৰ স্বাক্ষৰ বহনকাৰী এই দেওধাই গাঁওখনত আজিও অব্যাহত আছে পুৰণি ৰীতি-নীতি, পৰম্পৰা। গুৰুত্বপূৰ্ণ যে বুৰঞ্জীৰ অনন্য সমল সম্বলিত মন্ত্ৰপুথিকে ধৰি, সাঁচিপতীয়া পুথি, তালপাতৰ পুথি, হস্তীবিদ্যাৰ্ণৱ পুথি, কাঠি বানচেং, বিষৰ মন্ত্ৰ পুথিকে ধৰি সাঁচিপাতৰ পুথি সংৰক্ষিত হৈ আছে।

গাঁওখনৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলে আজিও পূজা-পাতল কৰি পৰম্পৰাগত ৰীতি-নীতিবিলাক পালন কৰি আহিছে। দেওধাই গাঁওখনৰে হৰকান্ত ফুকন, মৃদুল ফুকন, কেশৱ বৰুৱা, জীৱন ফুকন আদিকে ধৰি বিশটাৰো অধিক পৰিয়ালত বুৰঞ্জী তথ্যসম্বলিত পুথি সংৰক্ষিত হৈ আছে।
গুৰুত্বপূৰ্ণ বিষয় হ'ল যে ঐতিহাসিক গাঁওখন আজিও অৱহেলিত হৈ আছে। পুৰাতত্ত্ব বিভাগটোৱে গাঁওখন ঐতিহাসিক গাঁও হিচাপে স্বীকৃতি দি শৃংখলাবদ্ধ কৰিলে নৱপ্ৰজন্ম বুৰঞ্জী জ্ঞানৰ প্ৰতি আৰৰ্ষিত হব।

আমগুৰিৰ পৰা সমীৰণ দুৱৰা ইটিভি ভাৰত অসম
Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.