শিৱসাগৰ, 15 জুলাইঃ বানত ডুব গৈ থকা ৰাজ্যবাসীৰ ওচৰত খবৰ ল'বলৈ আহৰি নাই কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰ ৷ ইয়াৰ প্ৰতিবাদতে সোমবাৰে শিৱসাগৰত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে ৷
সংগঠনটোৰ শিৱসাগৰ জিলা সমিতিয়ে ৰংঘৰ চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে দাহ কৰে কেন্দ্ৰীয় জলশক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰতনলাল কাটাৰিয়াৰ প্ৰতিকৃতি ৷ প্ৰতিবাদস্থলীৰ পৰাই সংগঠনটোৱে অসমৰ বান সমস্যাক শীঘ্ৰেই ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিবলৈ দাবী উত্থাপন কৰে ৷