আমগুৰি, ৬ ডিচেম্বৰ:"আমি আগতেও কা মনা নাছিলো, এতিয়াও কা নামানো, ভৱিষ্যতেও কা নামানো৷ আমাৰ বিশ্বাস চৰকাৰে অসমত কা কৰ্যাকৰী কৰিব নোৱাৰে৷ এইখন চৰকাৰে অসম আৰু অসমীয়াক লৈ কোনো প্ৰকাৰে চিন্তিত নহয়৷ ভাৰত স্বাধীন কৰা দলটোৱেই হ’ল কংগ্ৰেছ দল৷ কংগ্ৰেছে 15 বছৰকৈ শাসনত আছিল৷ বিজেপিয়ে সপোন বিক্ৰী কৰিছিল অসমৰ ৰাউজক৷ সেইবাবে ৰাইজে সহাৰি দিছিলে৷কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাক সমগ্ৰ ৰাইজে সহাৰি দিছে৷ পুনৰ ৰাইজে কথাবোৰ বুজি পাইছে ৷" কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে (Congress leader Meera Barthakur) আমগুৰিৰ ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰি এই মন্তব্য প্ৰকাশ কৰে ৷
উজনি অসমৰ যোৰহাটৰ পিছত এইবাৰ অসম প্ৰদেশ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাই শিৱসাগৰ জিলাত প্ৰৱেশ কৰিছে (Bharat Joda Yatra in Sivasagar) । আমগুৰিত মঙলবাৰে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ভাৰত জোড়ো যাত্ৰা কাৰ্যসূচী অনুষ্ঠিত হয় (Bharat Jodo Yatra in Upper Assam) ৷ দিনৰ 2 বজাৰ পৰা অনুষ্ঠিত হোৱা "ভাৰত জোড়ো যাত্ৰা" (Assam Congress Bharat Jodo Yatra) কাৰ্যসূচীত সমবেত পদ যাত্ৰাত আমগুৰিৰ কেইবা শতাধিক লোকে অংশগ্ৰহণ কৰে ।
এই কাৰ্যসূচীত AICC ৰ সভাপতি ভূপেন বৰা, বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ, ৰাণা গোস্বামী, ৰেকিবুদ্দিন আহমেদ, অপূৰ্ব ভট্টাচাৰ্য্য আদি কেইবাগৰাকীও বিধায়কৰ লগতে বহুকেইগৰাকী কংগ্ৰেছৰ ৰাজ্যিক নেতা উপস্থিত থাকি বক্তব্য প্ৰদান কৰে(Bharat Joda Yatra in Sivasagar)৷ ম’ৰা বজাৰ স্থিত লাচিত মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগনত এক চমু সভা অনুষ্ঠিত হোৱাৰ পাছতেই ঐতিহাসিক নগা আলিয়েদি চাৰিঙলৈকে প্ৰায় 10 কিলোমিটাৰ পদযাত্ৰা কৰি চাৰিং ৰাজহুৱা প্ৰেক্ষা গৃহ প্ৰাংগনত কাৰ্যসূচীৰ অন্ত পৰিব এই যাত্ৰাৰ ৷
"গুজৰাটৰ নিৰ্বাচনৰ সন্দৰ্ভত মই পোৱা খবৰ মতে অসমত যেনেকৈ এ আই ইউ ডি এফ আৰু বিজেপি মিলি এটা সন্মিলিত ষড়যন্ত্ৰ চলি আছে, বিৰোধীৰ মাজত বিভাজন কৰি, বিৰোধীক নিঃশেষ কৰা যি ষড়যন্ত্ৰ, ঠিক তেনেকৈ গুজৰাটতো বিজেপি আৰু আপৰ এটা সন্মিলিত ষড়যন্ত্ৰ মিলি বিজেপিৰ বিৰোধী ভোট বিভাজন কৰা চেষ্টাক লৈ আমি কিছু শংকিত ৷ যদি ৰাইজে প্ৰকৃত কাৰণত এই কথা বুজিব পাৰিছে তেন্তে নিশ্চিতভাৱে বিজেপিৰ পতন হ’ব (Bharat Joda Yatra at Amguri)৷" সোমবাৰে গুজৰাটৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ সামৰণি পৰাৰ পিছত exit poll প্ৰকাশ হোৱাৰ পিছতে এই মন্তব্য প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ (Bhupen Bora criticized BJP) ।
লগতে পঢ়ক: Fresh Mushahary Slams BTC govt: প্ৰমোদ বড়ো চৰকাৰক ক্ষুৰধাৰ সমালোচনা ফ্ৰেছ মুছাহাৰীৰ