ETV Bharat / state

দিখৌমুখত এজাক শামুকভঙাৰ কলকলনি... - দিখৌমুখত শামুকভঙা চৰাই

প্ৰতিবছৰে শিৱসাগৰৰ দিখৌমুখৰ ধনেখোৱা গাঁৱত বাহৰ পাতি পোৱালি জগায় এজাক শামুকভঙা চৰাই ((Asian Openbill Stork)য়ে ৷ দুস্কৃতিকাৰীৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ ধনেখোৱা গাঁৱলৈ ঢাপলি মেলিছিল চৰাইজাকে ৷ কিন্তু চৰাইজাকৰ সংৰক্ষণৰ ক্ষেত্ৰত দৃষ্টিগোচৰ হোৱা নাই ৰাজ্য চৰকাৰৰ ৷

asian openbill stork come to dikhowmukh
দিখৌমুখত শামুকভঙা চৰাইৰ কলকলনি
author img

By

Published : Jul 20, 2021, 7:34 PM IST

আমগুৰি, 20 জুলাই : শামুকভঙা চৰাই ((Asian Openbill Stork)ৰ কাকলিত হৈ পৰিছে মুখৰিত হৈ পৰিছে শিৱসাগৰৰ দিখৌমুখৰ ধনেখোৱা গাঁও ৷ দিখৌ নৈৰ দাঁতি কাষৰীয়া এই গাঁৱখনত প্ৰতিবছৰে বাহৰ পাতে এজাক শামুকভঙা চৰাইয়ে । সুৰক্ষিত স্থান হিচাপে বাচি লোৱা গাঁৱখনত প্ৰতিবছৰে জুন মাহত আগমন ঘটে ৷ তাৰপিছতে ডিচেম্বৰ-জানুৱাৰী মাহত বংশ বৃদ্ধি কৰি বিভিন্ন স্থানলৈ গুচি যায় চৰাইৰ জাকটো ৷

পূৰ্বতে দিখৌ নৈ (Dikhow River)ৰ সিপাৰে বাস কৰা চৰাইজাকে দুস্কৃতিকাৰীৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ ধনেখোৱা গাঁৱলৈ ঢাপলি মেলিছিল ৷ বিগত দহ বছৰে এই গাঁৱখনতে বাহৰ পাতি আছে প্ৰায় 2000 শামুকভঙাই ৷ এই চৰাইজাকৰ সংৰক্ষণৰ ক্ষেত্ৰত বৰ্তমানেও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৰাজ্যৰ পৰ্যটন বিভাগ (Tourist Department), বন বিভাগ (Forest Department) কিম্বা ৰাজ্য চৰকাৰে ৷ ইয়াৰ ফলস্বৰূপে শংকিত হৈ পৰিছে ধনেখোৱা গাঁৱবাসী ৷

দিখৌমুখত শামুকভঙা চৰাইৰ কলকলনি

নিজাববীয়া প্ৰচেষ্টাৰে পক্ষীকূলক সংৰক্ষণ কৰি আহিছে যদিও বহু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় গাঁওবাসী । প্ৰতিবছৰে জুন মাহত আগমন ঘটা শামুকভঙা চৰাইজাকে গাঁৱখনত সৃষ্টি কৰে এক অস্বাস্থ্যকৰ পৰিৱেশ ৷ চৰাইবিধে কৰা বিষ্ঠা ত্যাগ আৰু পোৱালি ওলোৱাৰ পাচত সৰি পৰা পাখিৰে পৰিপূৰ্ণ হৈ পৰে গাঁওখন । আনকি পখীৰ জাকটোৱে গাঁৱখনত বাহৰ পতাৰ পাচতেই জ্বৰ, পানীলগাৰ দৰে ৰোগত আক্ৰান্ত হৈ পৰে গাঁৱখনৰ লোকসকল । কিন্তু তথাপিও গাঁৱবাসীয়ে নিজৰ সন্তানৰ দৰে সুৰক্ষা দি আছে চৰাইজাকক ৷ গাঁৱখনৰ চতিয়না, আম, ডিমৰু, তামোল আদি গছত বাহৰ পাতে চৰাইবিধে ৷

গাঁৱখনক এক মোহনীয়া ৰূপ প্ৰদান কৰা শামুকভঙা চৰাইজাকৰ সংৰক্ষণৰ ক্ষেত্ৰত শীঘ্ৰে চৰকাৰক ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে গাঁৱবাসীয়ে ৷ ইফালে ইক’ ট্যুৰিজিম (Eco Tourism)ৰ পূৰ্ণ সম্ভাৱনা থকা শিৱসাগৰৰ দিখৌমুখ আজি পৰ্যন্ত পৰ্যটন বিভাগ তথা সংশ্লিষ্ট বিভাগৰ হেমাহিৰ বাবে উপেক্ষিত হৈ আছে ৷ সম্প্ৰতি বিধায়ক অখিল গগৈয়ে শিৱসাগৰক ৰাজ্যৰ অন্যতম আকৰ্ষণীয় পৰ্যটনস্থলী হিচাপে চিহ্নিত কৰাৰ সিদ্ধান্তক আদৰণি জনাইছে গাঁৱবাসীয়ে ৷

লগতে পঢ়ক : শোণিতপুৰত অসম ৰাইফলছৰ গছ পুলি ৰোপণ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.