নাজিৰা, ২ আগষ্টঃ নিৰৱে উচুপিছে কাৰেংঘৰে৷ জাতিৰ স্বাভিমান,জাতীয় ঐতিহ্যৰ বিৰল চানেকি আহোম ৰাজত্বকালৰ কাৰেংঘৰ এতিয়া কদৰ্য হৈ পৰিছে ৷ শেলুৱৈৰ প্ৰলেপেৰে চানি পেলাইছে কাৰেংঘৰৰ প্ৰতিটো চুক-কোণ ৷ পৰজীৱী উদ্ভিদে শিপা ধৰিছে ঐতিহাসিক কীৰ্তিচিহ্নটোৰ বেৰ-মুধচত ৷ নিশ্চিতভাৱে কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ দায়িত্বহীনতা আৰু চূড়ান্ত অৱহেলাৰ বাবেই কাৰেংঘৰৰ আজি এই অৱস্থা ৷ আহোম ৰাজত্বকাত নিৰ্মীত ৰাজকাৰেং হিচাপে পৰিচিত বৰ্তমানৰ এই পৰ্যতনস্থলী দৰ্শন কৰিবলৈ প্ৰতি বছৰেই উপস্থিত হয় অনেক দেশী বিদেশী পৰ্যটক ৷ চলিত বৰ্ষত শতাধিক বিদেশী পৰ্যটকে দৰ্শন কৰিছে কাৰেং ঘৰ ৷ বিদেশী মুদ্ৰা আহৰণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা এই সম্পদৰ সংৰক্ষণ-সংবৰ্ধনৰ ক্ষেত্ৰত বিভাগটোৱে চূড়ান্ত কৃপণালী কৰি অহাৰ অভিযোগ পূৰ্বৰে পৰাই আছে৷
কাৰেংঘৰৰ দুৰৱস্থাত চিন্তিত হৈ বহুবাৰ পুৰাতত্ত্ব বিভাগৰ বিৰুদ্ধে "টাইপ"কে ধৰি বহু কেইটা সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ তাৰ পিছতে পুৰাতত্ত্ব বিভাগে কাৰেংঘৰৰ সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ বাবে ২২ লাখ টকা মুকলি কৰি দিয়ে৷ কিন্তু আটাইতকৈ ডাঙৰ কথা যি জন ঠিকাদাৰক ঐতিহাসিক কাৰেংঘৰটো নিৰ্মাণৰ দায়িত্ব দিয়া হৈছিল, তেখেত ঐতিহাসিক সমল নিৰ্মাণৰ ক্ষেত্ৰত সম্পূৰ্ণ অনভিজ্ঞ৷ কাৰেং ঘৰৰ বেৰৰ শেলুৱৈ , অপতৃণ চাফচিকুণ নকৰাকৈ কামত গাফিলতি কৰাৰ অভিযোগ ঠিকাদাৰজনৰ বিৰুদ্ধে৷ কাৰেং ঘৰৰ ফাটমেলা অংশ নিৰ্মাণত ব্যৱহাৰ কৰা হৈছে পুৰনি ইটা৷ যিবোৰ ঠাইত কাষ্টনৰ পাইপ আছিল সেই ঠাইত অতি নিম্ন মানৰ প্লাষ্টিকৰ পাইপ ব্যৱহাৰ কৰিছে ঠিকাদাৰজনে৷ যাৰ ফলত কাম কৰা একসপ্তাহ নহওতেই পুনৰ শেলুৱৈ গজিছে কীৰ্তিচিহ্নটোৰ বেৰত৷ ইয়াৰ উপৰিও বহু পুৰনি এই সমলটিৰ ওপৰৰ মহলত বহু গধুৰ ইটা-বালিৰ দম ৰখাৰ লগতে পানী ভৰ্তি ড্ৰামও ৰাখিছে ঠিকাদাৰ জনে৷ ঐতিহাসিক কাৰেং ঘৰৰ প্ৰতি ঠিকাদাৰৰ এনে মইমতালিৰ বিৰুদ্ধে এতিয়া গৰজি উঠিছে একাংশ দল সংগঠনৰ সদস্য৷ অসমপ্ৰেমী প্ৰত্যেকজন ৰাইজৰ চৰকাৰলৈ অনুৰোধ, যিকোনো মূল্যৰ বিনিময়ত ভালদৰে সংৰক্ষণ কৰিব লাগে জাতিৰ স্বাভিমানস্বৰূপ কাৰেংঘৰৰ লগতে অসমৰ কীৰ্তিচিহ্নসমূহক৷