ETV Bharat / state

অৰুণাচলত ৱাংছু জনগোষ্ঠীৰ কৰ'ণা বিৰোধী কাৰ্টুন অংকণৰ জৰিয়তে সজাগতা সৃষ্টি - arunachal wangsu community draws traditonal cartoon to aware people against corona

অৰুণাচল প্ৰদেশৰ লংডিঙত কৰণা প্ৰতিৰোধী সজাগতাৰ বাবে এক ব্যতিক্ৰমী প্ৰদক্ষেপ । চৰকাৰী ফলকত স্থান পালে নিজৰ জনগোষ্ঠীয় পৰম্পৰাগত ঐতিহ্যৰ চানেকি ৷

arunachal wangsu community draws traditonal cartoon to aware people against corona
ৱাংছু জনগোষ্ঠীৰ কৰ'ণা বিৰোধী কাৰ্টুন অংকণৰ জৰিয়তে সজাগতা সৃষ্টি
author img

By

Published : May 28, 2020, 11:52 AM IST

শিৱসাগৰ, 28মেঃ মহামাৰী কৰ'ণা ভাইৰাছৰ কবলত বিধস্ত সমগ্ৰ বিশ্ব । দিনক-দিনে বৃদ্ধি হৈছে আক্ৰান্তৰ সংখ্যা প্ৰথম অৱস্থাত ভাৰতবৰ্ষৰ আক্ৰান্তৰ সংখ্যা তুলনামূলকভাৱে কিছু পিছপৰি আছিল যদিও বৰ্তমান বহুকেইখন কৰ'ণাত আক্ৰান্ত ৰাষ্ট্ৰক পিছ পেলাইছে । প্ৰতিদিনে বৃদ্ধি হৈছে কোভিড- ১৯ ত আক্ৰান্ত ৰোগীৰ সংখ্যা ।

arunachal wangsu community draws traditonal cartoon to aware people against corona
ৱাংছু জনগোষ্ঠীৰ কৰ'ণা বিৰোধী কাৰ্টুন অংকণৰ জৰিয়তে সজাগতা সৃষ্টি
উল্লেখ্য যে ভাৰতবৰ্ষৰ ক্ষেত্ৰত মন কৰিলে দেখা যায় যে উত্তৰ-পূব ভাৰতৰ পাহাৰীয়া ৰাজ্য সমূহত আন ৰাজ্যৰ তুলনাত কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা তুলনামূলকভাৱে কম। কিন্তু বৰ্হিৰাজ্যত অধ্যয়নৰত আৰু কৰ্মৰত লোকৰ আগমনে চিন্তিত কৰিছে ৰাজ্যকেইখনক। ইয়াৰে অসমত কাল সংহাৰী কৰ‘ণাত প্ৰতিদিনে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাৱলৈ ধৰিছে ৷ যাৰ পৰিপ্ৰেক্ষিতত অধিক চিন্তিত হৈ পৰিছে উত্তৰ-পূৰ্বাঞ্চলৰ জনতা। কিন্তু ইয়াক প্ৰতিৰোধ কৰাৰ বৰ্তমান একমাত্ৰ উপায়টোৱেই হ'ল সজাগতা আৰু সতৰ্কতা ।
drowning traditonal cartoon aginst awerness corona

এই ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ বাবে ভাৰতৰ পূৱ প্ৰান্তত অৱস্থিত সূৰ্য উঠা দেশ অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ নগৰ-গাওঁ সমূহত দেখা গল এক ব্যতিক্ৰমী দৃশ্য। ৰাজ্যৰ সহজ-সৰল ব্যক্তিয়েও বুজিব পৰাকৈ অৰুণাচলৰ ৱাংচু জনগোষ্ঠীয় পৰম্পৰাগত সাজপাৰ পৰিহিত ব্যক্তি তথা যুৱক-যুৱতীৰ চিত্ৰ সম্বলিত কিছু কাৰ্টুন প্ৰস্তুত কৰি কৰ‘ণাক প্ৰতিহত কৰাৰ বাবে সজাগতা সৃষ্টি কৰিছে।

পাহাৰীয়া ৱাংচু জনগোষ্ঠীৰ লগতে স্থানীয় লোকসকলে দৈনন্দিন জীৱনৰ কাম-কাজৰ মাজতে কেনেকৈ মাক্স পৰিধান কৰিব পাৰি,সামাজিক দূৰত্ব বজাই ৰখা, সঘনাই হাত ধুওক আদি বাৰ্তাৰে অৰুণাচল প্ৰদেশৰ লংডিং জিলা তথ্য আৰু জনসংযোগ বিভাগে পৰম্পৰাগত ঐতিহ্যৰ জৰিয়তে কাৰ্টুনৰ মাধ্যমেৰে গ্ৰহণ কৰা প্ৰচেষ্টাই সকলোৰে দৃষ্টি আৰ্কষণ কৰিছে ।

লগতে পঢ়কঃ ধুবুৰীত আৰম্ভ ভ্ৰাম্যমাণ ডাক সেৱা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.