শিৱসাগৰ,21 মাৰ্চ: চাহ শ্ৰমিকৰ নামত কংগ্ৰেছে কেৱল ৰাজনীতি কৰাৰ অভিযোগ কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মুণ্ডাৰ ৷ কংগ্ৰেছে উন্নয়নৰ কথা কোনো দিনেই চিন্তা নকৰিলে বুলি অভিযোগ কৰাৰ লগতে কংগ্ৰেছে চাহ জনগোষ্ঠীৰ লোকক প্ৰাৰ্থিত্ব প্ৰদান কৰিলেও নিৰ্বাচনত প্ৰভাৱ পেলাব নোৱাৰে বুলি মন্তব্য কৰিছে মুণ্ডাই ৷
উল্লেখ্য যে, নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে দেওবাৰে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অৰ্জুন মুণ্ডা সোণাৰিত আহি উপস্থিত হয় ৷ চাহ বাগিচা অঞ্চলৰ হাজাৰ হাজাৰ লোকৰ উপস্থিতিত সোণাৰি সমষ্টিৰ বিজেপি প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰৰ হৈ কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মুণ্ডাই নিৰ্বাচনী প্ৰচাৰ চলায় ৷ টাওকাক চাহ বাগিচাত অনুষ্ঠিত নিৰ্বাচনী সভাত কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মুণ্ডাৰ লগতে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা উপস্থিত থাকে ৷