ETV Bharat / state

অৰ্থৰ অভাৱত থমকি ৰৈছে এগৰাকী সম্ভৱনাময় ৰাষ্ট্ৰীয় খেলুৱৈ - নিম্ন মধ্যবিত্ত পৰিয়াল

অসমৰ লগতে অসমৰ বাহিৰত আৰ্চাৰী খেলৰ জৰিয়তে সোণ ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভেৰে সন্মান বুটলিবলৈ সক্ষম হৈছে ছিজা ছাবৰিণে ।

archers-sorrow-story-in-sivsagar
আৰ্থিক দুৰ্বলতাই অন্ধকাৰ নমাই আনিছে এগৰাকী সম্ভৱনা সম্পন্ন ৰাষ্ট্ৰীয় খেলুৱৈৰ জীৱনত
author img

By

Published : Aug 10, 2020, 3:43 PM IST

শিৱসাগৰ, 19, আগষ্ট : শিৱসাগৰৰ এগৰাকী উদীয়মান ৰাষ্ট্ৰীয় আৰ্চাৰী খেলুৱৈৰ দূৰৱস্থা । শিৱসাগৰ জিলাৰ জয়সাগৰৰ জাহিদ আলি আৰু ৰুমী বেগমৰ কন্যা ছিজা চাবৰিণ। অসমৰ লগতে অসমৰ বাহিৰত আৰ্চাৰী খেলৰ জৰিয়তে সোণ ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভেৰে সন্মান বুটলিবলৈ সক্ষম হৈছে ছিজা ছাবৰিণে ।

খেল জগতত বহু সফলতা লাভ কৰা খেলুৱৈ গৰাকীয়ে আৰ্থিক দুৰ্বলতাৰ বাবে খেল খেলি যোৱাত বাধাৰ সন্মুখীন হৈছে। সেয়েহে চৰকাৰলৈ সংবাদ মাধ্যমৰ জৰিয়তে সহায় বিচাৰি আহ্বান ছিজা চাবৰিণৰ।

আৰ্থিক দুৰ্বলতাই অন্ধকাৰ নমাই আনিছে এগৰাকী সম্ভৱনা সম্পন্ন ৰাষ্ট্ৰীয় খেলুৱৈৰ জীৱনত
আৰ্চাৰীৰ দৰে এক ব্যয়বহুল খেল খেলি অসম তথা অসমৰ বাহিৰত সন্মান বুটলিবলৈ সক্ষম হোৱা এই গৰাকী নিম্ন মধ্যবিত্ত পৰিয়ালৰ খেলুৱৈক খেল জগতত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত লাগে অসম চৰকাৰ তথা ক্ৰীড়া বিভাগৰ পৰা কিছু সহায়ৰ হাত ।

অন্যথা এই প্ৰতিভা সম্পন্ন খেলুৱৈ গৰাকী আগবাঢ়ি যোৱাত বাধাৰ প্ৰাচীৰ হৈ থিয় দিছে আৰ্থিক দুৰ্বলতাই । যাৰ ফলত অসমে হেৰুৱাব লগা হ'ব পাৰে এগৰাকী প্ৰতিভা সম্পন্ন ৰাষ্ট্ৰীয় আৰ্চাৰী খেলুৱৈ।

লগতে পঢ়ক : নগাঁৱৰ মুক্তিযোদ্ধালৈ ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.