ETV Bharat / state

অগ্নিপথক লৈ শিৱসাগৰত মুখ খুলিলে যুৱ কংগ্ৰেছৰ সভানেত্ৰীয়েে - শিৱসাগৰত মুখ খুলিলে যুৱ কংগ্ৰেছৰ সভানেত্ৰীয়েে

শিৱসাগৰত প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তৰ সংবাদমেল ৷ অগ্নিবীৰ সকলে চাৰি বছৰ সেনাবাহিনীত চাকৰি কৰাৰ পাছত এই সকল যুৱক-যুৱতীয়ে কোনো কোম্পানীত সুৰক্ষা কৰ্মীৰ কাম কৰিব নেকি বুলি প্ৰশ্ন অংকিতা দত্তৰ ৷

অগ্নিপথক লৈ শিৱসাগৰত মুখ খুলিলে যুৱ কংগ্ৰেছৰ সভানেত্ৰীয়েে

author img

By

Published : Jun 22, 2022, 2:55 PM IST

শিৱসাগৰ, 22 জুন: প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্ত এইবাৰ সৰৱ হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰে সেনা বাহিনীত ভৰ্তিকৰণৰ বাবে প্ৰৱৰ্তন কৰা "অগ্নিপথ" আঁচনিক লৈ । শিৱসাগৰ নগৰৰ প্ৰেছ ক্লাৱত বুধবাৰে অসম প্ৰদেশ যুৱ কংগ্ৰেছ আৰু শিৱসাগৰ জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত এক সংবাদমেলত ভাগ লৈ অংকিতা দত্তই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোনো চিন্তা চৰ্চা নকৰাকৈ কেৱল চমক সৃষ্টিৰ বাবে কেতবোৰ ঘোষণা কৰি আহিছে (APYC President Ankita Dutta Press Conference at Sivasagar on Agnipath issue) ৷

ভাৰতবৰ্ষৰ যুৱ প্ৰজন্মক নিৰাশা আৰু ভৱিষ্যতহীনতালৈ ঠেলি দিয়াৰ বাদে এই আঁচনিৰ পৰা একো লাভ নহয় বুলি তেওঁ দাবী কৰে । মাত্ৰ পঁচিশ বছৰত দেশৰ এক বুজন অংশ যুৱক-যুৱতীক ভৰপক বয়সত নিবনুৱা কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি তেওঁ অভিযোগ তোলে । আনহাতে অগ্নিবীৰ সকলে চাৰি বছৰ সেনাবাহিনীত চাকৰি কৰাৰ পাছত এই সকল যুৱক-যুৱতীয়ে কোনো কোম্পানীত সুৰক্ষা কৰ্মীৰ কাম কৰিব নেকি বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে ।

অগ্নিপথক লৈ শিৱসাগৰত মুখ খুলিলে যুৱ কংগ্ৰেছৰ সভানেত্ৰীয়েে

চাৰি বছৰ সেনাবাহিনীত চাকৰি কৰি অৱসৰ লোৱা অগ্নিবীৰ সকলৰ শিক্ষাৰ ভৱিষ্যৎ কি তাকো তেওঁ প্ৰশ্ন কৰে । আনহাতে এই আঁচনিৰ প্ৰসংগত সভানেত্ৰী দত্তই অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো তীব্ৰ সমালোচনা কৰে ।মুখ্যমন্ত্ৰীক "কংস মামা" বুলি সম্বোধন কৰি অগ্নিবীৰ সকলক অৱসৰৰ পাছত ড৹ শৰ্মাই অসম আৰক্ষীত ভৰ্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ'ব বুলি কৰা ঘোষণাক প্ৰত্যাহ্বান জনাই সভাপতি গৰাকীয়ে । কেবিনেট সিদ্ধান্ত নোলোৱাকৈ এনে ঘোষণা নকৰিবলৈ মুখ্যমন্ত্ৰী গৰাকীক সকীয়াই দি তেওঁ কয় যে টেট শিক্ষকসকলক সংস্থাপিত কৰাত অক্ষম হোৱা মুখ্যমন্ত্ৰী গৰাকীয়ে এনে ঘোষণা কৰাৰ কোনো অধিকাৰ নাই ।

বানমুক্ত অসমৰ শ্ল'গান দিয়া ড৹ শৰ্মাৰ প্ৰতিশ্ৰুতি ইতিমধ্যে বানে উটুৱাই নিলে । তেনেদৰে কংস মামাৰ অগ্নিবীৰ সকলক লৈ কৰা প্ৰতিশ্ৰুতিও অসাৰ হ'ব নেকি বুলি তেওঁ প্ৰশ্ন কৰে । আনহাতে ভাৰতৰ ৰাইজক এই আঁচনিখনক লৈ হিংসাত্মক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ পৰা বিৰত থাকি শান্তিপূৰ্ণ ভাৱে এই আঁচনিৰ বিৰোধিতা কৰি চৰকাৰক এই আঁচনি বাতিল কৰিবলৈ বাধ্য কৰোৱাৰ বাবে তেওঁ আহবান জনায় । এই শান্তিপূৰ্ণ প্ৰতিবাদত অসম প্ৰদেশ যুৱ কংগ্ৰেছ ৰাইজৰ লগত থাকিব বুলিও তেওঁ ঘোষণা কৰে ।

লগতে পঢ়ক: গুৱাহাটীত মহাৰাষ্ট্ৰৰ বিধায়কৰ হোটেল পলিটিক্সক লৈ ভূপেন বৰাৰ কটাক্ষ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.